ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজনৰ….

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজনৰ….

author-image
asomiyapratidin
New Update
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজনৰ….

ডিজিটেল সংবাদ, বজালী: ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰাজাখাটত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে বিয়লি ৫ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।এই পথ দুৰ্ঘটনাত এগৰাকী লোক নিহত হোৱাৰ লগতে আন এগৰাকী লোক গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে হাতুৰীৰ পৰা পাঠশালা অভিমুখে গতি কৰি থকা পালছাৰ এন এছ মটৰ চাইকেল খনে ৰাজাখাটত নিয়ন্ত্ৰণ হেৰৰুৱাই দলঙৰ কাষতে লাগি থকা ৰেলিঙত খুন্দা মাৰে।

থিতাতে নিহত হয় বাইক আৰোহী তথা চালক গৰাকী।নিহত বাইক আৰোহী চালক গৰাকী মিন্নাছ আলী আৰু আহত বাইক আৰোহী গৰাকী জহিৰণ বেগ বুলি চিনাক্ত হৈছে।

আহত ব্যক্তিগৰাকীক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।দুয়োগৰাকী ব্যক্তিৰ ঘৰ পাঠশালাৰ সমীপবৰ্তী তুৰকুনিপাৰত।

আৰু পঢ়ক:পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যপাল মুখীৰ দিনযোৰা ভ্ৰমণ…

assam death road accident