/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/road.jpg)
ডিজিটেল সংবাদ, শিলচৰ: শিলচৰ-গুৱহাটীগামী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তিনি গৰাকী কৰ্মচাৰী সহ এজন চালক৷
AS-11-E 17B- 6872 নম্বৰৰ এখন ইন্ডীকা বাহনেৰে গুৱহাটীৰ বিভাগীয় প্ৰশিক্ষণলৈ যোৱাৰ পথত সোমবাৰে সংঘটিত এই দুৰ্ঘটনা ৷ বিপৰীত দিশৰ পৰা অহা AS-17B-6337 নম্বৰৰ ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষ ৷
দুর্ঘটনাত আহত ব্যক্তি কেইগৰাকী কাটিগৰা উন্নয়ন খণ্ডৰ সিদ্ধেশ্বৰ জিপি সচিব অশোক কুমাৰ দত্ত, বৰখলা জিপি সচিব খাইৰুল ইছলাম বৰভুইঞা অতিৰিক্ত অভিযন্তা ৰঞ্জিত দাস সহ চালক ৰাজদ্বীপ দত্ত ৷
আৰু পঢ়ক: সোৱণশিৰি প্রকল্পত অঘটন, টানেল খহি মৃত্যু এজনৰ, ২ আহত…