
বোকাজানৰ সৰিয়হজানত শোকাৱহ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত সোমাই পৰিল এলট' বাহন।
ঘটনাস্থলীত নিহত এজন যুৱক, আন এজনক বোকাজানৰ চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰো মৃত্যু হয়।
যুৱকজন কৰিমগঞ্জৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে।
অন্যহাতে আন এজন যুৱকৰ এতিয়াও পৰিচয় জানিব পৰা হোৱা নাই।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS01 BA 9175
গোলাঘাট দিশৰ পৰা ডিমাপুৰ অভিমুখে আহি আছিল বাহনখন।