দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ, কেইবাজনো আহত...

লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ ১নং বৰবালিৰ পৰা বৰপেটালৈ যোৱা তীৰ্থযাৰ্ত্ৰীৰ বাছ এখন যোৱা নিশা প্ৰায় ডেৰ বজাত বিশ্বনাথ জিলাৰ বৰগাঙত দূৰ্ঘটনাত পতিত হয়।

author-image
Asomiya Pratidin
New Update
দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ, কেইবাজনো আহত...

ডিজিটেল সংবাদ, বান্দৰদেৱা : লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ ১নং বৰবালিৰ পৰা বৰপেটালৈ যোৱা তীৰ্থযাৰ্ত্ৰীৰ বাছ এখন যোৱা নিশা প্ৰায় ডেৰ বজাত বিশ্বনাথ জিলাৰ বৰগাঙত দূৰ্ঘটনাত পতিত হয়।

Advertisment

এখন ট্ৰাকে সন্মুখৰ পৰা বাছখনত খুন্দিওৱাৰ পিছত বাছখনত পিছফালৰ পৰা অন্য এখন বাহনেও খুন্দা মাৰে।ফলত বাছখনৰ অধিকাংশ যাত্ৰীয়েই আহত হয়। ইয়াৰে কেইজনমানৰ আঘাত গুৰুতৰ হোৱা বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

আন একাংশ আহতক কেটেলাস্থিত কেথলিক মিছন হষ্পিতেলত চিকিৎসা প্ৰদান কৰা হৈছে।

আৰু পঢ়ক : বৰগাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

road accident bandardewa