গহপুৰৰ গমিৰিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মেধাৱী ছাত্ৰ প্ৰজ্ঞানে

গহপুৰৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰিত নিশা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি  ঘৰলৈ ঘূৰি অহাৰ পথত এক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় প্ৰজ্ঞান শৰ্মাৰ।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ গমিৰিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মেধাৱী ছাত্ৰ প্ৰজ্ঞানে

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰিত যোৱা নিশা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি  ঘৰলৈ ঘূৰি অহাৰ পথত নিশা প্ৰায় ১-১০ বজাত এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা পুৰণিগেৰাজৰ প্ৰজ্ঞান শৰ্মা(১৮) নামৰ ছাত্ৰজনক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। উল্লেখযোগ্য যে-সদৌ গমিৰি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত যোৱা নিশা অনুষ্ঠিত হৈছিল সপ্তবিংশতিতম ৰঙালী বিহু সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান।

Advertisment

স্থানীয় গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত সাংস্কৃতিক অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস।উক্ত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ এখন স্কুটীৰে ঘৰৰ পৰা গৈছিল প্ৰজ্ঞান শৰ্মা।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে-সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি নম্বৰ প্লেট বিহীন স্কুটীখনেৰে ঘৰলৈ উভতি অহাৰ পথত গধৰীয়া বস্তিৰ সমীপত দুজন চাইকেল আৰোহীৰ লগত দুৰ্ঘটনাত পতিত হয় স্কুটী আৰোহী প্ৰজ্ঞান শৰ্মা। গধৰীয়া বস্তিৰ সুদৰ্শন ভাণ্ডাৰীৰ ঘৰৰ সন্মুখত হোৱা উক্ত দুৰ্ঘটনাত কুৰুৱাবস্তিৰ দুই চাইকেল আৰোহী ক্ৰমে চুকৰা কুৰুৱা(৩০) আৰু দেউচৰণ কুৰুৱা(৬০) আহত হোৱাৰ লগতে স্কুটী আৰোহী প্ৰজ্ঞান শৰ্মা গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হয়।

আহত প্ৰজ্ঞানক তেওঁৰ লগৰ বন্ধুৱে চিকিৎসালয়লৈ বুলি অনাৰ পথত লেপেটাপৰাৰ সমীপত সংজ্ঞাহীন হৈ পৰে তেওঁ। ইয়াৰ পিছত প্ৰজ্ঞানক লৈ যোৱা হয় গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ।

কিন্তু প্ৰজ্ঞানৰ অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। পৰবৰ্তী সময়ত তেওঁক তেজপুৰ মেডিকেল কলেজলৈ নি থকাৰ পথত নিশা প্ৰায় ২-৩০ বজাত বিশ্বনাথ চাৰিআলিৰ সমীপত শেষ নিশ্বাস ত্যাগ কৰে।

বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্র প্ৰজ্ঞান শৰ্মা পুৰণিগেৰাজ নিবাসী বুবুমণি শৰ্মা আৰু কাবেৰী শৰ্মাৰ পুত্ৰ।তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে সমগ্ৰ অঞ্চলটো শোকাচ্ছন্ন হৈ পৰে।

নিজ পুত্ৰক থিতাতে হেৰুৱাই পিতৃ-মাতৃয়ে চকুলোৰে বাট নেদেখা হোৱাৰ লগতে ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজন,বন্ধু বৰ্গ আৰু স্থানীয় প্ৰতিগৰাকী লোক শোকত ভাগি পৰিছে। প্ৰচুৰ সম্ভাবনাপূৰ্ণ ছাত্র গৰাকীৰ এই মৃত্যুক কোনেও সহজ ভাবে ল'ব পৰা নাই।

এই দুখৰ সময়ত শোকসন্তপ্ত পিতৃ-মাতৃ আৰু পৰিয়াল বৰ্গক শান্তনা দিয়াৰ বাহিৰে কোনো ভাষা বিচাৰি পোৱা স্থানীয় ৰাইজে। আজি সন্ধিয়া মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্ততঃ তেওঁৰ মৃতদেহ আহি ঘৰ পোৱাৰ পিছত কান্দোনৰ ৰোল উঠে সমগ্ৰ পুৰণিগেৰাজ গাঁৱত।

চকুলোৰে বাট নেদেখা হয় সকলোৱে।পিছত এক শোকাকুল পৰিৱেশত তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হয়।মৃত্যুৰ সময়ত তেওঁ পিতৃ, মাতৃৰ লগতে এগৰাকী ভগ্নীক ইহসংসাৰত এৰি থৈ গৈছে।

পথ দুৰ্ঘটনা হেলেম গহপুৰ