বিহুৰ আনন্দৰ মাজতেই পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে দুই যুৱকে

বিহুৰ আনন্দৰ মাজতেই পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে দুই যুৱকে

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, তিনিচুকীয়া: ৰঙালী বিহুৰ উলহ মালহ পৰিৱেশ-পৰিস্থিতিৰ মাজতে সোমবাৰে সন্ধিয়া তিনিচুকীয়া-মাকুম পথৰ শুকানপুখুৰীৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন উদীয়মান যুৱক থিতাতে নিহত হয় ।

Advertisment

তিনিচুকীয়া যান-বাহন আৰক্ষীয়ে জানিবলৈ দিয়া মতে ডিগবৈ বগাপানীৰ ২ নং বৰবিলৰ বাসিন্দা নয়ন শইকীয়াৰ পুত্ৰ প্ৰণৱ শইকীয়া (২২) আৰু মলিয়াবাৰীৰ মনোহৰ সিঙৰ পুত্ৰ মনপ্ৰীত সিঙে (১৯) এ এচ ২৩ এ ডি ৩৪৪২ নম্বৰ স্কুটীৰে তিনিচুকীয়াৰ পৰা ঘৰ অভিমুখে গৈ থাকোতে শুকানপুখুৰীৰ সমীপত বিপৰীত দিশৰ পৰা আহি থকা এ এচ ২৩ চি চি ৬৬৮৬ নম্বৰ যাত্ৰীবাহী বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।

ফলত ঠাইতে নিহত হয় স্কুটি আৰোহী প্ৰণৱ আৰু মনপ্ৰীত । ঘটনাস্থলীত তিনিচুকীয়া যান-বাহন আৰক্ষী উপস্থিত হৈ যুৱকদ্বয়ৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে স্কুটি আৰু বাছখন জব্দ কৰি সদৰ থানালৈ আনে । সম্প্ৰতি যুৱকদ্বয়ৰ মৃতদেহ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ৰখা হৈছে । ইফালে প্ৰণৱ আৰু মনপ্ৰীতৰ অকাল মৃত্যুত ডিগবৈত শোকৰ ছাঁ পৰিছে । জানিব পৰা মতে মনোহৰ সিঙৰ একমাত্ৰ পুত্ৰ মনপ্ৰীতে ডুলিয়াজানত আই টি আই শিক্ষা গ্ৰহণ কৰি আছিল । ।

আৰু পঢ়ক : ঢকুৱাখনাত কিশোৰী বলাৎকাৰৰ অভিযোগ, পলাতক উপেন দাস…

assam road accident dead