/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/r.png)
ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱা সমষ্টিৰ জাজৰি-ধিং সংযোগী গড়কাপ্তানি পথৰ বতাবাৰীত দেওবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত দলংঘাট উন্নয়নখণ্ডৰ কম্পিউটাৰ সহায়ক সৌৰভ জ্যোতি শৰ্মা(৪০)ৰ অকাল মৃত্যু হয়। প্ৰাপ্তখৱৰ মতে ধিঙৰ শহুৰেকৰ ঘৰৰ পৰা মাজগাঁৱৰ নিজৰ বাসগৃহলৈ নিজৰ স্কুটিৰে আহি থকা অৱস্থাত এটা কেকুঁৰিত তেওঁ দুৰ্ঘটনাত পতিত হয়৷
বহু সময় ধৰি মুমুৰ্ষ অৱস্থাত দুৰ্ঘটনাস্থলীতে পৰি থকা যুৱকজনক পাছত উদ্ধাৰ কৰি ধিং এফ আৰ ইউত ভৰ্তি কৰা হয় যদিও তাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ অতি নম্ৰ আৰু অমায়িক স্বভাৱৰ সৌৰভ জ্যোতি শৰ্মাৰ অকাল বিয়োগত মাজগাঁৱকে ধৰি বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ চাঁ পৰিছে। আজি দুপৰীয়া নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ পোনে পোনে কৰ্মস্থলী দলংঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ নিয়া হয়।
তাত খণ্ড উন্নয়ন বিষয়া সমীপ ডেকা, জ্যেষ্ঠ অভিযন্তা হৰমোহন হালৈ, গাননিক গোপী শইকীয়াকে ধৰি সহকৰ্মীসকলে অশ্ৰুসিক্ত নয়নেৰে তেওঁক শেষ বিদায় জনায়৷ তাৰ পৰা সৌৰভ জ্যোতি শৰ্মাৰ নশ্বৰদেহ গৃহলৈ অনাৰ পাছত অকালতে বিধৱা হোৱা পত্নী, পিতৃ হাৰা হোৱা পাঁচ বছৰীয়া কন্যাৰ লগতে বৰপুত্ৰক হেৰুৱাই নিথৰুৱা হোৱা পিতৃ-মাতৃৰ হিয়াভঙা কান্দোনে এক অবৰ্ণনীয় শোকাকুল পৰিবেশৰ সৃষ্টি কৰে।
সৌসিদিনা মাজ জাজৰি দৌল উৎসৱত কৃষ্ণ গোসাঁইক কান্ধত লৈ গোসাঁই ফুৰোঁৱা উৎসৱত অংশ লোৱা, অঞ্চলৰ দুৰ্গা পূজাকে ধৰি সকলো অনুষ্ঠানৰ আগৰণুৱা ল'ৰাটো অকালতে হেৰাই যোৱাত সমগ্ৰ অঞ্চলবাসী শোকত ভাগি পৰে৷ চাকৰি নিয়মীয়াকৰণ হোৱাৰ আশা বুকুত লৈয়ে হেৰাই যোৱা গ্ৰামোন্নয়ন বিভাগৰ কম্পিউটাৰ সহায়ক সৌৰভ জ্যোতি শৰ্মাৰ বিয়োগত সদৌ অসম এনৰেগা কৰ্মচাৰী উন্নয়ন পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। চকলাঘাট শাাখা সাহিত্য সভা, জাজৰি শতদল শাখা সাহিত্য সভা, মাজ জাজৰিৰ বিভিন্ন অনুষ্ঠানে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।