নৈশ বাছে মহতিয়াই নিলে মাতৃ-পুত্ৰক, থিতাতে প্ৰাণ হেৰুৱালে …

নৈশ বাছে মহতিয়াই নিলে মাতৃ-পুত্ৰক, থিতাতে প্ৰাণ হেৰুৱালে …

author-image
asomiyapratidin
New Update
নৈশ বাছে মহতিয়াই নিলে মাতৃ-পুত্ৰক, থিতাতে প্ৰাণ হেৰুৱালে …

ডিজিটেল ডেস্ক:

Advertisment

মাতৃৰ চকুৰ চিকিৎসা কৰিবলৈ আহি দুৰ্ঘটনাত পতিত মাতৃ-পুত্ৰ। চিকিৎসকৰ ওচৰৰ পৰা ঘৰলৈ ওভতাৰ পথত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাত সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত মাতৃৰ থিতাতে মৃত্যু হোৱৰ লগতে পুত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

 জানিব পৰা মতে দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ভেকেলিকান্দা গাওঁ নিৱাসী জিৰাতুন নেচা (৪৭) চকুৰ চিকিৎসাৰ বাবে পুত্ৰ খলীল আলীৰ (২৪) সৈতে সোমবাৰে দিনৰ ভাগত চিকিৎসকৰ ওচৰলৈ গৈছিল। সন্ধিয়া প্ৰায় ৬.৩০ বজাত মাতৃৰ সৈতে AS 13 N 4273 নম্বৰ পালছাৰ বাইকেৰে ঘৰলৈ আহি থাকোতেই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো।

উল্লেখ্য যে, একেটা পথেৰে তেজপুৰ অভিমুখে তীব্ৰ বেগত আহি থকা AS 01 HC 6782 নম্বৰৰ এখন নৈশ যাত্ৰীবাহী বাছে বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ সমীপত মহতিয়াই থৈ যায় মাতৃ পুত্ৰক। যাৰ ফলত মাতৃ জিৰাতুন নেছাৰ থিতাতে মৃত্যু হোৱাৰ লগতে পুত্ৰ খলীল আলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

বাইহাটা চাৰিআলি আৰক্ষীয়ে দুৰ্ঘটনা সম্পৰ্কে অবগত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি আঘাতপ্ৰাপ্ত খলীলক বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা নৈশ যাত্ৰীবাহী বাছখনে পলায়ন কৰিছিল যদিও পিছত ছিপাঝাৰ আৰক্ষী থানাই জব্দ কৰে।

assam dead road accident