শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা…

শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা…

author-image
asomiyapratidin
New Update
শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল ডেস্কঃ নতুন শৰাইঘাট দলঙত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS 25 EC 3643 নম্বৰৰ আমিনগাওঁ অভিমুখী তীব্ৰবেগী ডাম্পাৰখনে আগে আগে গৈ থকা আন এখন ডাম্পাৰক পিচফালৰ খুন্দিয়াই। ডাম্পাৰখনৰ নম্বৰ AS 01 HC 4588 ।

Advertisment

দুৰ্ঘটনা অনুসৰি AS 25 EC 3643 নম্বৰৰ ডাম্পাৰখনৰ সন্মুখ ভাগ যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্থ হয়।জানিব পৰা মতে ডাম্পাৰখনৰ চালক চফিক আলী(২৭)বহু সময় ধৰি গাড়ীতে আৱদ্ধ হৈ থাকে। অৱশ্যে স্থানীয় লোক তথা জালুকবাৰী যান-বাহন আৰক্ষীয়ে আৱদ্ধ হৈ থকা চালকজনক বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰে।

তেওঁলোকে বহু সময় চেষ্টা কৰিও বিফল হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় পাণ্ডু আৰু পাণবজাৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোক তথা উদ্ধাৰকাৰী দল উপস্থিত হয়। তেওঁলোকৰ প্ৰচেষ্টাত আৱদ্ধ চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

এই দুৰ্ঘটনাত ডাম্পাৰখনৰ হেণ্ডিমেনগৰাকীও আঘাতপ্ৰাপ্ত হয়। তেওঁক স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পাতললৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি শৰাইঘাট দলঙত যান-জঁটৰো সৃষ্টি হয়।

guwahati police Assam police