কোকৰাঝাৰত পথ দুৰ্ঘটনা, আহত এজন

কোকৰাঝাৰত পথ দুৰ্ঘটনা, আহত এজন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ বালাগাঁৱত বৃহস্পতিবাৰে বিয়লি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত বিশিষ্ট সমাজকৰ্মী,অবড়ো সংগঠনৰ এগৰাকী প্ৰাক্তন নেতা, নাথ-যোগী স্বায়ত্বশাসিত দাবী পৰিষদৰ এগৰাকী নেতা হৰিশ নাথ গুৰুতৰভাৱে আহত হয় ।

ঘৰৰ পৰা বালাজান তিনিআলি অভিমুখে স্কুটীৰে( AS19H 4602) গৈ থাকোতে বালাগাঁওত নিয়ন্ত্ৰণহীন ট্ৰেক্টৰ(AS16AC 0869)ৰ সন্মুখৰ পৰা স্কুটী চালক হৰিশ নাথক খুন্দিওৱাত হৰিশ নাথ গুৰুতৰভাৱে আহত হয় । তেওঁক প্ৰথমে বালাগাঁও সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে মাটি-বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্মত বালাগাঁৱত প্ৰায়ে ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতা শংকাত ভূগি থকা পৰিলক্ষিত হৈছে ।

কোকৰাঝাৰত পথ দুৰ্ঘটনা, আহত এজন
টোল গেটৰ আজৱ কাণ্ডঃ ঘৰত থকা বাহনৰ পৰা সংগ্ৰহ কৰিলে টোল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in