/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/tet-teacher.jpg)
ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোৰ টেট শিক্ষক এগৰাকীৰ শণিবাৰে পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে । ঘটনাৰ বিৱৰণ মতে বকো থানা আৰু মন্দিৰা পহৰা চকীৰ অন্তৰ্গত মালিবাৰী সত্ৰৰ গণেশ মণ্ডল (২৪) নামৰ টেট শিক্ষকগৰকাকীয়ে কৰ্মস্থান শিৱসাগৰৰ পৰা ট্ৰেইন যোগে গুৱাহাটীলৈ আহি আছিল ।
শিক্ষকগৰাকীয়ে গুৱাহাটীৰ লাল গনেশৰ পৰা লখৰালৈ মেজিক গাড়ীৰে গৈ থকা অৱস্থাত হাউকুছিৰ সোণাইগলিত ট্ৰাক এখনে মেজিকখনত তীব্ৰ বেগেৰে খুন্দিয়াই, ফলত গুৰুতৰ ভাবে আহত হয় টেট শিক্ষকগৰাকী । ততাতৈয়াকৈ সংকটজনক অৱস্থাত টেট শিক্ষকগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় যদিও চিকিৎসকে শিক্ষকগৰাকীৰ ইতিমধ্যেই মৃত্যু হোৱা বুলি ঘোষণা কৰে।
শিক্ষকগৰাকীয়ে ইহসংসাৰত পিতৃ প্ৰফুল্ল চন্দ্ৰ মণ্ডল আৰু পত্নী লিপিকা বিশ্বাসক এৰি থৈ যায় । শিক্ষকগৰাকীৰ অকাল মৃত্যুত কামৰূপ জিলা বাঙালী পৰিষদৰ সভাপতি সঞ্জয় সৰকাৰ, অসম গণ পৰিষদ দলৰ যুৱনেত্ৰী হিমাদ্ৰী পাঠক, ৰংমন সাংস্কৃতিক সংগঠনৰ সাধাৰণ সম্পাদক দ্বিপজ্যোতি দাসকে ধৰি বিভিন্ন ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিছে।
আৰু পঢ়কঃ দিলীপ কুমাৰ বৰাৰ "মোৰ জীৱনৰ সোৱৰণিৰ পৃষ্ঠা" গ্ৰন্থ উন্মোচনী সভা…