বকোত আল্ট্ৰাৰ খুন্দাত থিতাতে নিহত এজন...

অমৃত ৰাভা নামৰ লোকজনৰ থিতাতে মৃত্যু।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত বুধবাৰে পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা। বকো আৰক্ষী থানাৰ অন্তৰ্গত আগছিয়াত সংঘটিত হোৱা এই দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়।

উল্লেখ্য যে এ এছ ০১ এম চি ৮৬৭৪ নম্বৰৰ আল্ট্ৰা বাছখনে অমৃত ৰাভা নামৰ এজন লোকক খুন্দা মাৰে। বাছখনৰ খুন্দাত অমৃত ৰাভা (৪৮) নামৰ লোকজনৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাত নিহত অমৃত ৰাভাৰ ঘৰ বকোৰ খেনাপাৰা গাঁৱত ।

assam kamrup BOKO road accident