দেওবাৰে পুনৰ কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই...

দেওবাৰে পুনৰ কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই...

author-image
Asomiya Pratidin
New Update
দেওবাৰে পুনৰ কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই...

ডিজিটেল ডেস্কঃ কংগ্ৰেছলৈ উভতিব ৰিপুণ বৰা। সদ্য তৃণমূল কংগ্ৰেছ ত্যাগী ৰিপুণ বৰাই দেওবাৰে পুনৰ কংগ্ৰেছ দলত যোগদান কৰিব।দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হ'বলগীয়া প্ৰদেশ কংগ্ৰেছৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব বৰাই।

Advertisment

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত বৰাই কংগ্ৰেছত যোগদান কৰিব। ৰিপুন বৰাৰ পুনৰ যোগদানত ইতিমধ্যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে।

দেওবাৰে চৰাইদেউত অনুষ্ঠিত হবলগীয়া প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত মুখ্য অতিথি হিচাপে উপস্থিত থকিব দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ পাছতে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই।

Also Read: তিতাবৰত বিত্তীয় সাক্ষৰতাৰ সজাগতা সভা

ripun bora congress