২০২৪ চনত হ'ব বিজেপিৰ চৰকাৰ: ৰিপুন বৰা

শুকুৰবাৰে আকাশলংঘী মূল্যবৃদ্ধি আৰু অত্যাধিক পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদ কৰে তৃণমূল কংগ্ৰেছে।
২০২৪ চনত হ'ব বিজেপিৰ চৰকাৰ: ৰিপুন বৰা

ডিজিটেল সংবাদ, মঙলদৈ: জিভা পিছলিল অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। পৰৱৰ্তী চৰকাৰ কোনো গঠন কৰিব তাক ক'বলৈ গৈ ক'লে - ২০২৪ চনত হ'ব বিজেপিৰ চৰকাৰ। অৱশ্যে পাছত কথা শুধৰাই তেওঁ কয় যে ২০২৪ ত বিজেপি বিৰোধী চৰকাৰ হ'ব য'ত তৃণমূল কংগ্ৰেছৰ ভূমিকা যথেষ্ঠ থাকিব।

শুকুৰবাৰে আকাশলংঘী মূল্যবৃদ্ধি আৰু অত্যাধিক পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদত অসম তৃণমূল কংগ্ৰেছ দৰং জিলা সমিতিয়ে মঙলদৈ জিলা পুথিভঁৰালৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ তৃণমূল কংগ্ৰেছৰ এই ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে অসম তৃৰ্ণমূল কংগ্ৰছৰ সভাপতি ৰিপুন বৰা ।

মঙলদৈত জিলা পুথিভঁৰাল ৰ সন্মূখত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক ,পৌৰকৰ ৰোধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে তৃৰ্ণমুল কংগ্ৰেছৰ দৰং জিলা সমিতিয়ে ৷

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তৃৰ্ণমুল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে পৰৱৰ্তী চৰকাৰ বিজেপিৰ হ'ব বুলি কয়। আন এক প্ৰশ্নৰ উত্তৰত মিঞা মিউজিয়াম সন্দৰ্ভতো কেইবাটাও গুৰুত্ব পূৰ্ন মন্তব্য আগবঢ়াই ৰিপুন বৰাই ।

বৰাই প্ৰতিটো জনগোষ্ঠীৰে মিউজিয়ামত বিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। এটা জনগোষ্ঠীয়ে এটা মিউজিয়ামত কৰোতে মুখ্যমন্ত্ৰীৰ কিয় ধৰফৰনী উঠিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাচল্য কৰে বৰাই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in