মই সভাপতিৰ পদ এৰি দিম, যদিহেঃ ৰিপুণ বৰা…

মই সভাপতিৰ পদ এৰি দিম, যদিহেঃ ৰিপুণ বৰা…

author-image
asomiyapratidin
New Update
মই সভাপতিৰ পদ এৰি দিম, যদিহেঃ  ৰিপুণ বৰা…

ফাইল ফটো

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই দল হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ। মঙলবাৰে এই বিষয়ৰ সন্দৰ্ভত ৰিপুণ বৰাই সংবাদ মাধ্যমৰ সন্মুখত কয়- মই কংগ্ৰেছত ভেকুৱাম সৃষ্টি কৰিব বিচৰা নাই। মই পদত্যাগ কৰিলেই 'সভাপতি পদটো শূন্য হ'ব। মই পদত্যাগৰ অনুমতি বিচাৰিছো, ইয়াৰ অৰ্থ এয়াই যে মই পদত্যাগ কৰিব বিচাৰিছো। মই বিচাৰো ৰাহুল গান্ধীয়ে আন এজনক নিযুক্তি দিয়ক, তেতিয়া মই সভাপতিৰ পদ এৰি দিম।'

Advertisment

ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত ৰিপুণ বৰাই কয় যে – সংখ্যাৰে এখন আসনতো জয়ী কৰাব নোৱাৰো, সেয়ে নীতিগতভাৱেই আমি প্ৰাৰ্থী নিদিলো। নিৰপেক্ষ, সাহিত্য-সংস্কৃতিবান লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা কৰো। নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাব বিচাৰিছিলো, কিন্তু বিৰোধীৰ পৰা আমি সঁহাৰি নাপালো।'