”কষ্ট কৰা মানুহক মমতাই পুৰস্কৃত কৰে” দিদিৰ প্ৰশংসাত পঞ্চমুখ ৰিপুন বৰা

”কষ্ট কৰা মানুহক মমতাই পুৰস্কৃত কৰে” দিদিৰ প্ৰশংসাত পঞ্চমুখ ৰিপুন বৰা

author-image
asomiyapratidin
New Update
অসমবাসীয়ে পুনৰ বিচাৰিছে কংগ্ৰেছকঃ ৰিপুন বৰা…

ডিজিটেল ডেস্ক: বৰ্তমান ৰাজনীতিত চৰ্চিত বিষয় সমূহৰ ভিতৰত এটা হৈছে ৰিপুন বৰাৰ কংগ্ৰেছ ত্যাগ। প্ৰায় ৪০ বছৰ ধৰি কংগ্ৰেছৰ সৈতে জড়িত থকা কংগ্ৰেছ নেতা ৰিপুন বৰাই যোগদান কৰে তৃণমূল কংগ্ৰেছত।

Advertisment

তাৰপাছতেই মঙলবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰে ৰিপুন বৰাই। তেওঁ কয় যে "কংগ্ৰেছে মোক মন্ত্ৰীত্ব, সভাপতি, বিধায়ক দিছে কিন্তু মইও কংগ্ৰেছক নিস্বাৰ্থভাৱে সেৱা দিছো। কংগ্ৰেছ দলৰ কোনো ব্যক্তিৰ প্ৰতি মোৰ কোনো আক্ৰোশ নাই। কিন্তু আদৰ্শৰ ফালৰ পৰা মই কংগ্ৰেছ ত্যাগ কৰিছো। তৃণমূল কংগ্ৰেছো এক প্ৰকাৰ কংগ্ৰেছেই"।

"অসমত বিজেপিৰ যি আগ্ৰাসন, বিজেপিয়ে যি বিভেদৰ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজিব লাগিছিল । কিন্তু যি ধৰণে যুঁজিব লাগিছিল সেই ধৰণে যুঁজিব নোৱাৰিলে। কংগ্ৰেছ বৰ্তমান অন্তৰ্কন্দল, ক্ষমতাকেন্দ্ৰীক যুঁজত ব্যস্ত আছে যাৰ বাবে বিজেপিয়ে অপ্ৰতিৰোধ্য ভাৱে নিজৰ এজেণ্ডা পূৰণ কৰিব পাৰিছে"।

তেওঁ কয় যে মমতা বেনাৰ্জীৰ বিজেপিৰ বিৰুদ্ধে যি যুঁজ সেয়া শলাগ ল'ব লগীয়া। তেওঁ কষ্ট কৰা জনক পুৰস্কৃত কৰে। সেয়ে মোৰ দক্ষতা কংগ্ৰেছত থাকি অপচয় কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছত সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লয় বুলি কয় বৰাই। তেওঁ কয় যে বিজেপিৰ পৰা দেশক কেৱল তৃণমূল কংগ্ৰেছেই ৰক্ষা কৰিব পাৰিব।

আৰু পঢ়ক: আলফা(স্বা)ত যোগদান পাঠশালাৰ যুৱকৰ…

assam ripun bora tmc congress