/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/29d6e703-9ca8-483e-9ec3-a1bc1250f685/ripun_borah.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : বিগত কিছু দিন ধৰি বিতৰ্কৰ আৱৰ্তত থকা মিঞা সংগ্ৰাহালয় সন্দৰ্ভত চৰকাৰৰ বিপক্ষে মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই । এখনি সংবাদ মেলৰ আয়োজন কৰি বৰাই মন্তব্য কৰে যে, জাতি-জনগোষ্ঠী সমূহে নিজাকৈ সংগ্ৰাহালয় মুকলি কৰা কাৰ্যত আপত্তি থকা উচিত নহয় চৰকাৰৰ । প্ৰত্যেকটো জাতি-জনগোষ্ঠীয়েই নিজৰ সংস্কৃতিৰ সৈতে জড়িত সামগ্ৰী সমূহক সংগ্ৰহ কৰিবলৈ বিচাৰে, তেনে স্থলত চৰকাৰী সুবিধা লাভ নকৰিলে নিজাকৈ সংগ্ৰাহালয় মুকলি কৰাটো অপৰাধ বুলি গণ্য কৰা উচিত নহয় বুলিও জনায় ৰিপুন বৰাই ।
তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই মিঞা সংগ্ৰাহালয়ক লৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।বৰাই কয় মিঞা সংগ্ৰাহালয় হিমন্ত বিশ্ব শৰ্মাৰ এক কৌশল ।ৰাজ্যখনত হৈ থকা মূল্যবৃদ্ধিৰ সমস্যা, উন্নয়নৰ সমস্যা, নিবনুৱাৰ সমস্যা এনে ধৰণৰ মূল সমস্যাৰ পৰা জনসাধাৰণক আঁতৰাই ৰখাৰ বাবে মিঞা সংগ্ৰাহালয়ৰ দৰে কৌশল কৰিছে হিমন্ত বিশ্বৰ চৰকাৰে ।
ইয়াৰ ওপৰিও পূৰ্বতেও ৰাইজে ব্যক্তিগত ধনেৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰাৰ নজিৰ আছে, তেনেস্থলত মিঞা সংগ্ৰাহালয়ৰ ক্ষেত্ৰত চৰকাৰে কিয় আপত্তি কৰিছে বুলিও প্ৰশ্ন কৰে নেতা গৰাকীয়ে । আনহাতে, মিঞা সংগ্ৰাহালয়ত নাঙল ৰখা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৰিপুন বৰা ।