ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ইলেকচন মেনেজমেণ্ট কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৰিপুণ বৰাক। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কেচি বেণুগোপালে স্বাক্ষৰ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।
অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাক ইলেকচন মেনেজমেণ্ট কমিটীৰ অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদানৰ প্ৰস্তালত দলটোৰ ৰাষ্ট্ৰীয় সভাপতিয়ে অনুমোদন জনোৱা বুলি উল্লেখ কৰিছে উক্ত প্ৰেছ বিজ্ঞপ্তিত।
ইয়াৰ পূৰ্বে গৌৰৱ গগৈক সভাপতি আৰু জাকিৰ হুছেইন শিকদাৰ, ৰ'জলীনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান কৰিছিল দলটোৱে। তাৰোপৰি দলটোৰ আন চাৰিখন কমিটী ক্ৰমে নিৰ্বাচনী প্ৰচাৰ কমিটীৰ অধ্যক্ষ হিচাপে ভূপেন কুমাৰ বৰা, নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ হিচাপে প্ৰদ্যুত বৰদলৈ, সমন্বয়ৰক্ষী কমিটীৰ অধ্যক্ষ হিচাপে দেৱব্ৰত শইকীয়া আৰু প্ৰচাৰ কমিটীৰ অধ্যক্ষ হিচাপে ৰকিবুল হুছেইনক দায়িত্ব প্ৰদান কৰিছিল।