এয়া মোৰ নহয় গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানৰ পৰাজয়: ৰিপুন বৰা

এয়া মোৰ নহয় গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানৰ পৰাজয়: ৰিপুন বৰা

author-image
asomiyapratidin
New Update
এয়া মোৰ  নহয় গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানৰ পৰাজয়: ৰিপুন বৰা

ডিজিটেল ডেস্ক: ৰাজ্যসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিলে কংগ্ৰেছ- এ আই ইউ ডি এফ- ৰাইজৰ দল- চি পি আই এমৰ সন্মিলিত প্ৰাৰ্থী ৰিপুন বৰা। এই নিৰ্বাচনত মুঠ ৩৫ টা ভোট লাভ কৰে বৰাই।

Advertisment

নিৰ্বাচনত পৰাজয় বৰণ কৰি ৰিপুন বৰাই কয় যে মই "তৃতীয় স্থানত আছো। মই পৰাজিত হ'লেও এয়া মোৰ ব্যক্তিগত পৰাজয় নহয়। ই গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানৰ পৰাজয়। আমি বিৰোধী ঐক্যই মিলি যি যুঁজ কৰিছিলো সেই যুঁজখনত কোনোবাই কম্প্ৰমাইজ কৰিছে"।

তেওঁ কয় যে সংবিধান, গণতন্ত্ৰ ৰক্ষাৰ বাবে বিজেপিৰ বিৰুদ্ধে দেশত যি আন্দোলন হৈছে আমি ৪ টা দলে অসমতো আৰম্ভ কৰিছো। বৰাই কয় যে তেওঁ হতাশ হোৱা নাই আৰু প্ৰতি গৰাকী কংগ্ৰেছ কৰ্মীকে মনোবল অটুট ৰাখি বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়।

rajyasabha election. assa ripun bora congress