শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা আৰু মন্ত্ৰী অজন্তা নেওগ

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত মুখ্যমন্ত্ৰী সহধৰ্মিনী ৰিণিকী ভূঞা আৰু মন্ত্ৰী অজন্তা নেওগ

author-image
Asomiya Pratidin
New Update
শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত মুখ্যমন্ত্ৰীৰ  সহধৰ্মিনী ৰিণিকী ভূঞা আৰু মন্ত্ৰী অজন্তা নেওগ

ডিজিটেল সংবাদ, গোলাঘাট: পবিত্ৰ ভাদ মাহৰ তৃতীয়টো দেওবাৰে অসম বিভিন্ন মঠ মন্দিৰত ৰাইজে ভিৰ কৰিছে। আজি গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত পুৱা ৫ বজাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দহ সহস্ৰাধিকতৈ অধিক ভক্তৰ সমাগম হয়৷

Advertisment

স্থায়ী বন্তি প্ৰজ্বলন গৃহত বন্তি প্ৰজ্বলন কৰিব নোৱাৰি বাহিৰত মুকলিকৈ সহস্ৰাধিক ভক্তই বন্তি প্ৰজ্বলন কৰা লগতে প্ৰসাদ সংগ্ৰহ কৰিবলৈ কৰ্ণধাৰ সমিতিয়ে সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা স্থানত অসংখ্য ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ ভক্তপ্ৰাণ ৰাইজে ধূপ-বন্তি,শৰাই,নৈবদ্য আগবঢ়াই পৰিয়ালৰ কুশল-মংগলৰ কামনা কৰি মহাপ্ৰভুৰ চৰণত মূৰ দোৱাই৷

ইফালে পুৱাতে বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞাই আহি শৰাই-নৈবদ্য আগবঢ়ায় ৷ পাছত অজন্তা নেওগে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰীয়ে আঠখেলীয়া নামঘৰলৈ আগবঢ়োৱা ৫ কোটি টকাৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ'ব।

Also Read: হে আৰক্ষী! অন্তত খাকী পোচাকযোৰৰ সন্মান ৰাখক...