বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিঃ ৰিম্পী দাসৰ শৈক্ষিক জীৱনলৈ নামি আহিছে অন্ধকাৰ..

বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিঃ ৰিম্পী দাসৰ শৈক্ষিক জীৱনলৈ নামি আহিছে অন্ধকাৰ..

author-image
asomiyapratidin
New Update
বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিঃ ৰিম্পী দাসৰ শৈক্ষিক জীৱনলৈ নামি আহিছে অন্ধকাৰ..

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে এগৰাকী ছাত্ৰীৰ শৈক্ষিক জীৱন অন্ধকাৰাচ্ছন্ন হোৱাৰ উপক্ৰম হৈছে। জানিব পৰা মতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মঙলদৈ চপাই শালৈপাৰা নিৱাসী ৰিম্পী দাস নামৰ ছাত্ৰীগৰাকীয়ে মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক কলা শাখাত নামভৰ্তি কৰাইছিল। দৰিদ্ৰতাই কোঙা কৰা এই ছাত্ৰীগৰাকীৰ পিতৃ সুজিত দাসৰ ইতিমধ্যে মৃত্যু হৈছে। মাতৃয়ে পদপথত ৰুটি-তৰকাৰী বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিয়ে। এনে অৱস্থাৰ পিছতো শিক্ষাৰে সেন্দুৰীয়া বাটৰ সন্ধানত ৰিম্পী নিমগ্ন হৈছিল।

Advertisment

এই বিদ্যালয়ৰ পৰাই ৰিম্পীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষা দিয়াৰ কথা আছিল। সেইমতে বিদ্যালয় কৰ্তৃপক্ষৰ হাতত নিৰ্দিষ্ট মাচুল দি অক্টোবৰ মাহত প্ৰপত্ৰ পূৰণ কৰিছিল। সেই সময়ত বিদ্যালয়ৰ অধ্যক্ষাৰ দায়িত্বত আছিল অমিয়া দত্ত। তেওঁৰ অৱসৰৰ পিছত দীপ্তি শৰ্মা অধ্যক্ষাৰ আসনত অধিস্থিত হয়। কিন্তু আচৰিত হলেও সত্যযে, জানুৱাৰীৰ প্ৰথম ভাগত বিদ্যালয়ৰ ১২৩ গৰাকী পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ড শিক্ষা সংসদৰ পৰা আহিল যদিও নাহিল মাত্ৰ ৰিম্পীৰ এডমিট কাৰ্ড। এই লৈ ছাত্ৰীগৰাকী কান্দোনত ভাঙি পৰে। লগে লগে তাই নতুন অধ্যক্ষাক কথাটো অৱগত কৰাত অধ্যক্ষা দীপ্তি শৰ্মাই বিষয়টো অনুসন্ধান কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী।

ছাত্ৰীগৰাকীয়ে মাচুলসহ প্ৰপত্ৰ পূৰণ কৰি জমা দিছিল যদিও বিদ্যালয়ৰ কৰ্তৃপক্ষই সেই প্ৰপত্ৰ পূৰণৰ অনলাইনৰ কামখিনি নকৰিলে। যাৰফলত ৰিম্পিৰ এডমিট কাৰ্ডখন নাহিল। এই সন্দৰ্ভত নৱনিযুক্ত অধ্যক্ষাই উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰক সাক্ষাৎ কৰি ছাত্ৰীগৰাকীৰ ফৰ্ম খন জমা দি কাৰ্যকৰী কৰাৰ ব্যৱস্থা লোৱাৰ কথা কৈছিল আৰু পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়েও এইক্ষেত্ৰত ইতিবাচক সঁহাৰি দিছিল বুলি শুক্ৰবাৰে এই প্ৰতিবেদকৰ আগত অধ্যক্ষা দীপ্তি শৰ্মা আৰু শিক্ষয়িত্ৰী নিৰ্মালী নাথে অৱগত কৰে।

কিন্তু যোৱা ৩১ জুলাইত ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এই ছাত্ৰীগৰাকীৰ ফলাফল নাহিল। এই লৈ শিক্ষাৰ পোহৰেৰে জীৱন উজলাই তুলিবলৈ সপোন দেখা ছাত্ৰীগৰাকী মানসিকভাৱে ভাঙি পৰিছে। কেইবাবাৰো বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিও সঠিক উত্তৰ নোপোৱাত আজি এই প্ৰতিবেদকক লগ ধৰি হুকহুকাই কান্দি ৰিম্পিয়ে কয়, মোক ন্যায় লাগে। ইপিনে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ মতে, অইন ছাত্ৰীৰ লগতে ৰিম্পিৰো ফলাফলৰ বাবে নম্বৰ তালিকা শিক্ষা সংসদৰ ওচৰত জমা দিয়া হৈছিল আৰু ৰিম্পিৰ এডমিট কাৰ্ড নোপোৱা কথাটো লিখিতভাৱে জনোৱা হৈছিল। কিন্তু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰিলে যদিও ছাত্ৰীগৰাকীয়ে নাপালে আজিলৈ ফলাফল।

কাৰোবাৰ গাফিলতিৰ বাবে ছাত্ৰী ৰিম্পী দাসৰ শৈক্ষিক জীৱন অন্ধকাৰাচ্ছন্ন হোৱাৰ দিশে গতি কৰাত জাঙুৰ খাই উঠিছে দৰঙৰ বিভিন্ন দল সংগঠন। মানুহে মানুহৰ বাবে,দৰং, অসমৰ সম্পাদক গণেশ দত্তই এই ক্ষেত্ৰত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে। তদুপৰি ছাত্ৰীগৰাকীৰ শৈক্ষিক জীৱন যাতে বিঘ্নিত নহয় তাৰ পদক্ষেপ লবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনাইছে। ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভবেশ কাকতি, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক নিৰঞ্জন শ‌‌ইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিগন্ত কুমাৰ ডেকা, সাধাৰণ সম্পাদক পংকজ ডেকাই ছাত্ৰীগৰাকীৰ এটা শৈক্ষিক বৰ্ষ যাতে ক্ষতি নহয় তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।