/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0b116548-12c8-47f9-96bb-402bf7e1ed43/lu.jpg)
Live Updates ৰীমাল
-
May 28, 2024 22:47 IST
চৰাইদেউত বুধবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা জিলা প্ৰশাসনৰ
বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলা প্ৰশাসনেও জনসাধাৰণৰ নিৰাপত্তা নিশ্চিতকৰণৰ বাবে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।
স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ্থে চৰাইদেউ জিলা প্ৰশাসনে ২৯ মে'ত জিলাখনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে। চৰাইদেউৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আজি জাৰি কৰা এক নিৰ্দেশনাত এই কথা ঘোষণা কৰে।
-
May 28, 2024 21:26 IST
উত্তৰ গুৱাহাটীত ৰীমলৰ সংহাৰী ৰূপ
বতাহ-ধুমুহাৰ ফলত উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ।ফলত ঠায়ে ঠায়ে বিদ্যুৎ যোগানকে ধৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। সাগৰীয় ধুমুহা ৰীমৰল প্ৰভাৱৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।
-
May 28, 2024 20:33 IST
বৰপানী নৈ বাঢ়নীপানীৰ ভয়ংকৰ ৰূপ...
কচুৱাৰ গৰুবাট মৌজাৰ ন ন অঞ্চল প্লাবিত কৰিছে বৰপানী নৈৰ বাঢ়নী পানীয়ে। ইতিমধ্যে পানীয়ে উটুৱাই নিছে শিঙিমাৰী পঞ্চায়তৰ মাধপাৰা বজাৰ আৰু শিঙিমাৰী সংযোগী পথ।
বহু লোকৰ ঘৰত পানী সোমোৱাৰ লগতে প্লাবিত হৈছে কৃষি ভূমি। কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ গেট খুলি দিয়াৰ পিছত কামপুৰ ৰাজহ চক্ৰৰ এই বৃহৎ এলেকাটোত এই ভয়ংকৰ ৰূপ ধৰাণ কৰিছে।
-
May 28, 2024 20:12 IST
হোজাইত জিলা আয়ুক্তৰ সতৰ্কবাণী জাৰি
প্ৰতিকূল বতৰৰ বাবে হোজাই জিলাত সতৰ্কবাণী জাৰি কৰিছে আয়ুক্তই। ৰাইজক চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত ঘৰৰ বাহিৰলৈ নাযাবলৈ আহ্বান জনাই জিলা আয়ুক্ত লাচীত কুমাৰ দাসে।
হোজাই জিলাৰ পৰা হাফলং সংযোগী পথত বাহনৰ যাতায়তত বাধা কৰা প্ৰশাসনৰ।দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ ৩০ (২) (ভি) অধীনত জাৰি কৰা এক নিৰ্দেশনা অনুসৰি হোজাই জিলাত ২৯ মে'ত বন্ধ থাকিব সকলো চৰকাৰী,বে-চৰকাৰী শিক্ষানুষ্ঠান।
-
May 28, 2024 20:06 IST
কাৰ্বি লাংপিয়ে ৪ খন গেটেৰে এৰিছে পানী
নেৰানেপেৰা বৰষুণৰ ফলত বৰপানীৰ ওপৰত থকা কাৰ্বি লাংপি হাইড্ৰ' প্ৰজেক্টে আজি দুপৰীয়া ৪ খন গেইটেৰে পানী এৰে ৷ বৰপানী নদীৰ বাঢ়নী পানীয়ে বিয়লি কচুৱা শিঙিমাৰী বজাৰ পাৰঘাটৰ চাং দলং আৰু লীলাৰ ঘাটত থকা চাং দলং দুখন উটুৱাই নিয়াত ৰাইজৰ বিলৈ নোহোৱা হৈছে ৷ ইপিনে মাধৱপাৰা-জুৰিৰপাৰ পথৰ ওপৰেদি দুফুট উচ্চতাৰে পানী বৈ থকাত নৈ পৰীয়া লোকৰ যাতায়াত যোগাযোগ বিচ্চিন্ন হৈ পৰিছে ৷
-
May 28, 2024 18:12 IST
ৰীমালে অসমলৈ বিপৰ্যয় নমাই আনিছেঃ অখিল গগৈ
সাগৰীয় ঘূৰ্ণীবতাহ ৰীমালে অসমলৈ বিপৰ্যয় নমাই আনিছে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ৷ ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰি আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। লগতে তাৎক্ষণিক ভাবে যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় গগৈয়ে ৷
-
May 28, 2024 17:29 IST
কাছাৰত শিক্ষানুষ্ঠান বন্ধ ঘোষণা
ৰীমালৰ প্ৰভাৱৰ ফলত সমগ্ৰ ৰাজ্যতে জনজীৱন ব্যাহত হৈ পৰিছে। ২৯ মে' বুধবাৰে কাছাৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। আজিও শিক্ষানুষ্ঠান সমূহ বন্ধ কৰিবলৈ শিক্ষানুষ্ঠানৰ প্ৰধান সকলক নিৰ্দেশ দিছে কাছাৰৰ DDM কৰ্তৃপক্ষই।
-
May 28, 2024 16:31 IST
শিলচৰত কৃত্ৰিম বানঃ ব্যাহত জনজীৱন
যোৱা নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত শিলচৰ চহৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মুষলধাৰ বৰষুণৰ পানীয়ে প্লাবিত কৰিছে সমগ্ৰ শিলচৰ। শিলচৰৰ মেডিকেল কলেজ ৰোডৰ ৰাংগিৰখাৰী, নেচনেল হাইৱে পইন্ট, শিলচৰ-আইজল ৰাষ্ট্ৰীয় পথৰ সোণাইৰোড, অম্বিকাপট্টি, মিছন ৰোড সহ চহৰৰ প্ৰায় কেইটা উপপথত একাঠুলৈ পানী।
এই কৃত্ৰিম বানৰ বাবে ৰাইজে শিলচৰৰ সাংসদ-বিধায়ক, পৌৰসভা আৰু প্ৰশাসনকে দায়ী কৰিছে। নলা-নৰ্দমা পৰিষ্কাৰ নকৰাৰ ফলতে এইদৰে এজাক বৰষুণত ডুব যায় চহৰখন।
-
May 28, 2024 16:26 IST
ৰহাতো ঘূৰ্ণী বতাহ ৰীমলৰ প্ৰভাৱ...
ৰীমলৰ প্ৰভাৱৰ পৰা সাৰি যোৱা নাই ৰহা। নিশাৰ পৰা হোৱা ধুমুহা,বৰষুণৰ ফলত ৰহাৰ বিভিন্ন অঞ্চলৰ বিস্তৰ ক্ষতিসাধন হয়। নেৰানেপেৰা বৰষুণৰ ফলত ৰহাৰ বহু অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্য়ৱস্থা। ৰহাত বৰ্তমানেও অব্যাহত আছে ধুমুহা, বৰষুণ।
-
May 28, 2024 16:21 IST
গোপালপুৰত ই ৰিক্সাৰ ওপৰত পৰিল ইলেকট্ৰিক পষ্ট !
গহপুৰৰ গোপালপুৰত বতাহ-ধুমুহাৰ ফলত ই ৰিক্সাৰ ওপৰত উভালি পৰে এটা ইলেকট্ৰিক পষ্ট। ফলত গুৰুতৰ ভাবে মূৰত আহত হয় জয় প্ৰকাশ বৰা নামৰ এজন লোক। ই ৰিক্সাৰ দুজন যাত্ৰীও গুৰুতৰ ভাবে আহত হয়। ইতিমধ্যে তেওঁলোকক গহপুৰ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে।
-
May 28, 2024 12:43 IST
কঠিয়াতলীৰ ৰেংবেং প্ৰাথমিক বিদ্যালয়ত বাগৰি পৰিল প্ৰকাণ্ড গছ
নগাঁৱৰ কঠিয়াতলী ৰেংবেং প্ৰাথমিক বিদ্যালয়ত অঘটন ৷ ঘূৰ্ণী বতাহৰ ফলত বিদ্যালয়খনত বাগৰি পৰিল প্ৰকাণ্ড গছ৷ কথমপি প্ৰাণ ৰক্ষা পৰে বিদ্যালয়ত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ ৷ স্থানীয় লোকৰ তৎপৰতাত বিদ্যালয় ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰ-ছাত্ৰীসকলক ৷
-
May 28, 2024 12:26 IST
ৰে'লনগৰী লামডিঙতো ৰীমালে লৈছে সংহাৰী ৰূপ
ৰে'লনগৰী লামডিঙতো মাজ নিশাৰ পৰা ৰীমালে লৈছে সংহাৰী ৰূপ ৷ প্ৰচণ্ড বতাহ আৰু বৰষুণে লামডিঙৰো বিভিন্ন ঠাইত ক্ষতি সাধন কৰিছে ৷ লামডিঙৰ হৰুলংফাৰ ৰে'লৱে ব্ৰিডজৰ ওপৰত সংঘটিত হৈছে দুৰ্ঘটনা ৷হুৰলংফাৰ অঞ্চলৰ ৰাজপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ অনুষ্ঠিত হৈ যোৱা শীতলা পূজাৰ বাঁহৰ গেটখন এখন বাহনৰ ওপৰত ভাঙি পৰে৷
-
May 28, 2024 12:09 IST
তেজপুৰত ভাঙিল কেইবাটাও ঘৰ
তেজপুৰৰ ভৈৰৱী মন্দিৰৰ পিছফালে পাহাৰৰ টিলাৰ পৰা উভালি পৰিল প্ৰকাণ্ড গছ। ফলত মুঠ ৬ টাকৈ বাসগৃহ ক্ষতিগ্ৰস্ত। তেজপুৰতো পৰিছে ৰীমালৰ প্ৰভাৱ।
-
May 28, 2024 11:34 IST
নগাঁৱৰ জলাহ গাঁৱত বিস্তৰ ক্ষতি
প্ৰচণ্ড ধুমুহাই নগাঁৱৰ জলাহগাৱঁৰ ভাস্কৰ শইকীয়া সপোনৰ ঘৰখন ভাঙি তচনচ কৰিলে। এডাল প্ৰকাণ্ড চেগুন গছ বাগৰি পৰাৰ ফলতেই সম্পূৰ্ণৰূপে ভাঙি যায় ৰান্ধনী ঘৰটো।
আনপিনে এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত ৰেইচুল হক নামৰ এজন লোকৰ দোকানঘৰ ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰেৰে গছজোপা উভালি পৰিল এখন দোকানত। প্ৰকাণ্ড গছজোপা বাগৰি পৰাৰ ফলত চলচলি-বামুনী সংযোগী পথত ব্যাহত হৈ আছে যাতায়ত।
-
May 28, 2024 11:23 IST
লামডিংতো ৰীমালৰ প্ৰভাৱঃ খহি পৰিল প্ৰকাণ্ড বাঁহৰ গেট
লামডিঙতো মাজ নিশাৰ পৰা ৰীমালে লৈছে সংহাৰী ৰূপ ৷ প্ৰচণ্ড বতাহ আৰু বৰষুণে লামডিঙ বিভিন্ন ঠাইত কৰিছে ক্ষতি সাধন৷ হৰুলংফাৰ ৰেলৱে ব্ৰীজৰ ওপৰত সংঘটিত হৈছে দুৰ্ঘটনা ৷ প্ৰচণ্ড বতাহৰ ফলত লামডিঙত অনুষ্ঠিত হৈ যোৱা শীতলা পূজাৰ বাঁহৰ গেট ভাঙি পৰিল এখন বহনৰ ওপৰত৷ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে হুৰলংফাৰ অঞ্চলত।
-
May 28, 2024 10:53 IST
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতৰ্কবাণীঃ নাযাব মাছ ধৰিবলৈ, কৃষি কাৰ্য কৰিবলৈ
মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে ৰাজ্যৰ কেইবাখনো জিলাৰ বাসিন্দালৈ সতৰ্কবাণী। তীব্ৰ বতাহত গছ বাগৰি পৰাৰ আশংকা। মাছ ধৰা আৰু অন্যান্য কৃষিকাৰ্যৰ বাবে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান।
২৮ মে'ত ধুবুৰী, গোৱালপাৰা, বৰপেটাস কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাচাও, বজালী, বাক্সা, বিশ্বনাথ, বঙাইগাওঁ, চিৰাং, দৰং, গোলাঘাট, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, মৰিগাওঁ, কাৰ্বি আংলং জিলাত ৰেড এলাৰ্ট জাৰি।
২৯ মে'ত কাছাৰ. ডিমা হাচাও. বৰপেটা, নলবাৰী, বাক্সা আৰু চিৰাং জিলাত ৰেড এলাৰ্ট জাৰি।
🚨 #CycloneRemal High Alert:
‼️Residents in the areas mentioned below should take precautions and avoid venturing out for fishing and other agricultural activities due to the risk of falling trees from strong winds.‼️
Stay safe and follow official updates. 🌪️
1/2 pic.twitter.com/iUFGSlp3pc— Chief Minister Assam (@CMOfficeAssam) May 28, 2024
-
May 28, 2024 10:45 IST
মৰিগাঁৱত গছ বাগৰি ছাত্ৰৰ মৃত্যু
ধুমুহা-বৰষুণৰ মাজতে মৰিগাঁৱত অঘটন৷ স্কুলীয়া শিক্ষাৰ্থী কঢ়িয়াই নিয়া এখন অটোৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ। ফলত এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু৷ মৃত ছাত্ৰজন মৰিগাঁৱৰ গুৰুকুল একাডেমিৰ কৌশিক আমফি৷ অটোখনত থকা আন দুগৰাকী ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত৷
-
May 28, 2024 10:38 IST
গুৱাহাটীত হাহাকাৰ পৰিস্থিতি
ৰীমালৰ প্ৰভাৱত গুৱাহাটীত নিশাৰে পৰা অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণত গুৱাহাটীত হাহাকাৰ পৰিস্থিতি। ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা, ইণ্টাৰনেট সেৱা। নাই মোবাইল নেটৱৰ্ক। বন্ধ বিদ্যালয়। ঠায়ে ঠায়ে বাগৰিছে প্ৰকাণ্ড গছ।
-
May 28, 2024 10:38 IST
ঢেকীয়াজুলিত স্কুল বাছৰ ওপৰত বাগৰিল গছ
প্ৰচণ্ড ধুমুহা বতাহৰ মাজতে ঢেকীয়াজুলিত মিঠা আমত স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন আল্ট্ৰা বাছৰ ওপৰত পৰিল প্ৰকাণ্ড গছ৷ ঢেকীয়াজুলি চেইণ্ট উৰ্ছুলা হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই অনা আল্ট্ৰা বাছৰ ওপৰত স্কুলৰ প্ৰৱেশ দ্বাৰতে পৰিল গছ৷
এই ঘটনাত কেইবাজনো ছাত্ৰ-ছাত্ৰী আহত হৈছে৷ আহত শিক্ষাৰ্থীসকলক হাস্পতাললৈ প্ৰেৰণ।
-
May 28, 2024 10:38 IST
গুৱাহাটীৰ লগতে সমগ্ৰ অসমত ৰীমালৰ প্ৰভাৱ। নিশাৰে পৰা ৰাজ্যজুৰি তীব্ৰ ধুমুহা বৰষুণ। ধুমুহা, বৰষুণত ক্ষতিগ্ৰস্ত স্বাভাৱিক জন জীৱন।