পাকোৰকোণত সমূহীয়া ধান চপোৱা কাৰ্যসূচী ৰূপায়ণ বিজেপিৰ...

পাকোৰকোণত সমূহীয়া ধান চপোৱা কাৰ্যসূচী ৰূপায়ণ বিজেপিৰ...
Published on
Updated on

ডিজিটেল সংবাদ,হাজোঃ বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ উদ্যোগত পাকোৰকোণত সমূহীয়া ধান চপোৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যই। প্ৰায় ১০ বিঘা কৃষি ভূমিত বৰো ধানৰ খেতি এনেদৰে ৰাজহুৱা ভাবে চাপোৱা কাৰ্য্যসূচী শোভাৰম্ভ কৰা হয়।

বছৰত এডৰা মাটিত ৩ টা খেতি কৰি কৃষক সকলক উপকৃত কৰাৰ প্ৰয়াস কৰে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাই। অনুষ্ঠানত অঞ্চলটোৰ সৰহ সংখ্যক কৃষক উপস্থিত থাকি এই কার্যসূচীত অংশ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিটো সময়ত কৃষকক সহায় সহযোগিতা আগবঢ়াই অহা বাবেই কৃষক সকল যথেষ্ট উপকৃত হোৱা বুলিও সদৰী কৰে ৰঞ্জিত ভট্টাচাৰ্যই।

পাকোৰকোণত সমূহীয়া ধান চপোৱা কাৰ্যসূচী ৰূপায়ণ বিজেপিৰ...
অশান্ত মণিপুৰঃ জিৰিবামত ৫ খন দোকানত অগ্নি সংযোগ দুৰ্বৃত্তৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in