সামৰণি পৰিল হাওৰাঘাটৰ ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন...

প্ৰতিকুল বতৰকো নেওচি হাওৰাঘাটৰ পশ্চিম চূণপোৰাত সামৰণি পৰিল ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কাৰ্যসূচী...
সামৰণি পৰিল হাওৰাঘাটৰ ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন...

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ পশ্চিম চূণপোৰা গাঁৱত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ ৪ৰ্থ সংখ্যক বাৰ্ষিক অধিৱেশনখন শণিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পশ্চিম চূণপোৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয়। কাৰ্বি আংলং জিলাৰ বৃহত্তৰ চূণপোৰা অঞ্চলত থকা থলুৱা জাতি জনগোষ্ঠীসমূহৰ মাজত কৃষ্টিৰ সমাহাৰ ঘটাই মহান সংস্কৃতিৰ পথাৰত ভাতৃত্ববোধ স্নেহৰ বান্ধোন, একতাৰ এনাজৰীৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে ৰিববৈডিমাৰ এই অধিৱেশনখন আয়োজন কৰা হয়।

২৩ এপ্ৰিলৰ সামৰণিৰ দিনা প্ৰতিকুল বতৰকো নেওচি পুৱাৰ ভাগত মূল পতাকা উত্তোলন আৰু জনগোষ্ঠীয় পতাকা উত্তোলন কৰে ক্ৰমে ভদ্ৰেশ্বৰ হাজৰিকা, হৰি নাৰ্জাৰী, গুল্ডচন ইংতি, ফুলমন লাংথাছা আৰু বগিৰাম হাজৰিকাই। বৃক্ষৰোপণ কৰে উমেশ খাখলাৰীয়ে। ইয়াৰ পিছতে মুকলি সভা আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সভাৰ সভাপতিত্ব কৰে ৰিববৈডিমাৰ সভাপতি ভদ্ৰেশ্বৰ হাজৰিকাই। সভাত নিদিষ্ট বক্তা হিচাবে সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° প্ৰেমানন্দ মোছাহাৰী উপস্থিত থাকে।

সভাত বিশিষ্ট অতিথি হিচাপে বিধায়ক বিদ্যাছিং ইংলেং আৰু উপাধ্যক্ষ অজিত কুমাৰ দে, হাওৰাঘাট তিনি আলি আঞ্চলিক আবৌফৰ সভানেত্ৰী বন্দনা ওৱাৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৰমানন্দ তালুকদাৰ, ৰিববৈডিমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক থানুৰাম নাথ, পুষ্প খাখলাৰী, হৰি নাৰ্জাৰী, নয়ন ব্ৰহ্ম, গুৰুচৰণ গয়াৰী, সুবল বসুমতাৰী আদি বহু গণ্য মান্য লোক উপস্থিত থাকে। সভাত স্মৃতি গ্ৰন্থ চতুৰ্থ সাংখ্যা 'ৰিববৈডিমা' উন্মোচন কৰে কৃতী শিক্ষক বঁটা প্ৰাপক পৰমানন্দ তালুকদাৰে ।

উল্লেখ্য যে এই সভাতেই সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত থকা ৰবিৰাম নাৰ্জাৰী,অকণ নাৰ্জাৰী, সমাজ সেৱাৰ লগত জড়িত থকা পুষ্প খাখলাৰী, কাব্য সৌৰভ বঁটা প্ৰাপক ৰূপালী বসুমতাৰী, সাহিত্য সৌৰভ বঁটা প্ৰাপক অনুপ্ৰভা হাজৰিকা, সংবাদ সৌৰভ বঁটা প্ৰাপক ক্ৰমে নাৰায়ণ বৰুৱা আৰু ধৰ্মেন্দ্ৰ খাখলাৰীক একোখনকৈ বড়ো আৰণাইৰে আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈ অনুষ্ঠিত কৰা হ'ব বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান ।

সামৰণি পৰিল হাওৰাঘাটৰ ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন...
হিন্দু ধৰ্ম আৰু গেৰুৱা ৰঙৰ প্ৰাধান্যতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in