/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a5ce9c96-b8ac-440e-ae60-606bfee50037/rte.jpg)
rhino-horned-recover-kaziranga
ডিজিটেল সংবাদ, বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ দুই কৃষকে দিলে সততাৰ পৰিচয়। কাষৰীয়া অঞ্চলৰ পথাৰত বৃহস্পতিবাৰে দুজন কৃষকে পথাৰত পোৱা এটা গঁড়ৰ খৰ্গ বন বিভাগক চমজাই দি এক বিৰল উদাহৰণ দিয়ে।
বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ কাষৰীয়া ২ নং কহঁৰা গাঁৱৰ তেতেলি ডাংগাত বিলাপ পাত্ৰ আৰু বগা পাত্ৰই পথাৰত কামকৰি থকা অৱস্থাত পথাৰৰ মাজত পৰি এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে।তাৰ পাছত দুয়ো কাষতে থকা ৰাষ্ট্ৰীয় উদ্যানৰ বেঙা বন শিবিৰত উপস্থিত হৈ ৩০০ গ্ৰাম ২০ ছেঃমিঃ দৈৰ্ঘৰ উক্ত গঁড়ৰ খৰ্গটো বনকৰ্মীৰ হাতত জমা দিয়ে ।
যি সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মীকে ধৰি এচাম লোকে গঁড়ৰ চিকাৰ আৰু খৰ্গৰ অবৈধ সৰবৰাহৰ লগত জড়িত হৈ পৰিছে ঠিক তেনে সময়তে ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বসবাস কৰা সাধাৰণ দুজন কৃষকে এনে কামে সততাৰ পৰিচয় দিছে। দুয়োজন কৃষককে বন বিভাগৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত গামোচাৰে আদৰণি জনাই সন্মান জ্ঞাপন কৰা হয়।
উল্লেখযোগ্য ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজে বহু বাৰ গঁড়ৰ খৰ্গ, হাতীৰ দাঁত আদি বন্যপ্ৰাণীৰ অংগ বুটলি পাই বন বিভাগক চমজাই দিয়াৰ নজিৰ আছে।