পবিতৰা অভয়াৰণ্যত গঁড় গণনাৰ সফল সামৰণি…

পবিতৰা অভয়াৰণ্যত গঁড় গণনাৰ সফল সামৰণি…

ডিজিটেল সংবাদ,মায়ং: পবিতৰা অভয়াৰণ্যত গঁড়ৰ গণনা বুধবাৰে সফল সামৰণি।গণনাৰ  অন্তত পোৱা গ'ল অভয়াৰণ্য খনত মুঠ ১০৭ টা গঁড়। ইয়াৰে ভিতৰত পোৱা গল মতা গঁড় ৩০ টা, মাইকী গঁড় ৫০ টা আৰু পোৱালি ২৭ টা।পবিতৰাৰ দায়িত্বত থকা ডিএফ অ জয়শ্ৰী নাইডিঙে জানিবলৈ দিয়ে এই কথা।

পবিতৰা অভয়াৰণ্যত দুদিনীয়া কৈ আৰম্ভ হোৱা ২০২২ বৰ্ষৰ গঁড় গণনা কাৰ্যসূচী বুধবাৰে পুনৰ আৰম্ভ হয়।কালিৰ দৰেই  আজি পুৱা ৫ বজাৰ পৰা পুনৰ আৰম্ভ হয় গঁড় গণনাৰ কাম।অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত পবিতৰাত আৰম্ভ কৰা গঁড় গণনাত বিভাগীয় বিষয়া কৰ্মচাৰী সকলক  মুঠ ৭ টা ভাগত বিভক্ত কৰি লোৱা হৈছিল।

২০১৮ বৰ্ষৰ গঁড় গণনা ত পোৱা গৈছিল ১০২ টা গঁড়।তাৰে ভিতৰত ২০ টা গঁড়ৰ স্বাভাৱিক মৃত্যু আৰু দুটা মানাহ লৈ স্থানান্তৰ কৰা হৈছে।বৰ্তমান সময়ত পবিতৰা ৰ বাবে এয়া এক আশাৰ বতৰা বুলি কব পাৰি।উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা পবিতৰাত চোৰাং চিকাৰী ৰ হাতত এটাও গঁড় নিধন হোৱা নাই।এই ক্ষেত্ৰত পবিতৰাৰ চৌপাশে থকা গাঁও বোৰৰ জনসাধাৰণৰ সজাগতা আৰু সহযোগিতা ক শলাগ লব ই লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in