গঁড়ৰ আক্ৰমণত আহত গৃহৰক্ষী জোৱান

গঁড়ৰ আক্ৰমণত আহত গৃহৰক্ষী জোৱান

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,কলিয়াবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটন। গঁড়ৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন গৃহৰক্ষী জোৱান। বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত আছিল জোৱানজন।

Advertisment

বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰত কৰ্মৰত জোৱান জনৰ নাম সুচেন্দ্ৰ বৰা। শনিবাৰে পুৱা কৰ্তব্য পালন কৰি বন শিবিৰলৈ আহি থকাৰ সময়তে পোৱালীৰ সৈতে থকা এজনী গঁড়ৰ মুখামুখি হোৱাৰ পাছতেই গঁড়জনীয়ে আহি আক্ৰমণ কৰে জোৱানজনক। আহত জোৱানজনক বৰ্তমান জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

আৰু পঢ়ক: কংগ্ৰেছ ত্যাগ, গোলাম নবী আজাদে শীঘ্ৰেই গঠন কৰিব নতুন ৰাজনৈতিক দল…

assam kaliabor rhino