মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষাৰ্থী সমাৰোহ সম্পন্ন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষাৰ্থী সমাৰোহ সম্পন্ন

author-image
asomiyapratidin
New Update
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষাৰ্থী সমাৰোহ সম্পন্ন

ডিজিটেল সংবাদ , নগাঁও : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম খন প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ সোমবাৰে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ প্ৰাক্তন ছাত্ৰদ্বয় অনন্ত হাজৰিকা আৰু হিৰণ্য কুমাৰ বৰাই আঁতধৰা অনুষ্ঠানটো পুৱা ১১ বজাত বিশ্ববিদ্যালয় সংগীত পৰিৱেশন আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় ৷

উদযাপন সমিতিৰ সম্পাদক গৌৰী প্ৰসাদ শৰ্মাই আদৰণি ভাষণত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি উপস্থিত সকলোকে অনুষ্ঠানলৈ আদৰণি জনোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ লগত জড়িত সকলোকে শ্ৰদ্ধাসহকাৰে সোঁৱৰণ কৰে ৷ অনুষ্ঠানত উদ্বোধক হিচাপে অংশ গ্ৰহণ কৰে প্ৰতিদিন টাইমৰ নগাঁৱৰ সাংবাদিক বীৰেণ বৰাই ৷

উদ্বোধনী ভাষণত বৰাই বিশ্ববিদ্যালয়ৰ জন্মৰে পৰা শিক্ষানুষ্ঠানখনৰ প্ৰচাৰ আৰু প্ৰসাৰত নগাঁৱৰ সংবাদমাধ্যমে কৰি যোৱা অবদানৰ কথা উল্লেখ কৰি শিক্ষানুষ্ঠানখন আগুৱাই যোৱাত সহায়ক হোৱাকৈ কেতবোৰ পৰামৰ্শ আগৱঢ়াই ৷ "শংকৰদেৱে অন্ধকাৰৰ বিপৰীতে পোহৰৰ সন্ধান কৰিবলৈ যুঁজিব লগা হৈছিল ৷ গতিকে শংকৰদেৱ আমাৰ বাবে সদায় স্মৰণীয়" বুলি সভাত মুখ্য বক্তা হিচাপে অংশ লৈ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক, সাহিত্যিক অৰিন্দম বৰকটকীয়ে মন্তব্য আগবঢ়াই ৷

তেওঁ লগতে আৰু কয় যে, "মৰি যোৱা কলঙক জিলিকাব এই শংকৰদেৱ বিশ্ববিদ্যালয়ে ৷ বিশ্ববিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ স্বাৰ্থত নগঞা বাসীৰ দায়িত্ব আৰু কৰ্তব্য যথেষ্ট আছে।" অনুষ্ঠানতে অংশলৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড° মৃণাল কুমাৰ বৰাই বিশ্ববিদ্যালয়ৰ আগন্তুক দিনত সমাপন কৰিব লগীয়া কৰ্মৰাজীৰ আলোকপাত কৰে ৷

ইয়াৰ পিছতে শিক্ষানুষ্ঠানখনৰ আই.কিউ.এচ.চিৰ সমন্বয়ক ড° অজিত দেৱনাথেও মন্তব্য আগৱঢ়ায় ৷ আয়োজক সমিতিৰ সভাপতি অখিল কুমাৰ বৰাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ন-পুৰনি শিক্ষাৰ্থীসকলো উপস্থিত থাকে ৷ সমাৰোহত প্ৰাক্তন শিক্ষাৰ্থীসকলে স্মৃতিৰ ৰোমন্থন কৰাৰ লগতে নতুন শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপক-অধ্যাপিকাসকলে সমাৰোহত ভাগ লয় ৷

আৰু পঢ়ক: কাশ্মীৰ সমস্যা সমাধান নোহোৱাকৈ ভাৰতৰ সৈতে ভাল সম্পৰ্ক সম্ভৱ নহয়: পাকিস্তান প্ৰধানমন্ত্ৰী

nagaon assam