
ডিজিটেল সংবাদ, ঢকুৱাখনা : অৰ্ধ শতিকাৰো বেছি সময় কায়িক আৰু আত্মিকভাবে বিচ্ছিন্ন হৈ প্ৰাত্যহিক ব্যস্ততাৰ মাজত বিলীন হৈ থকা একাংশ বয়স্ক তৰুণৰ নষ্টালজিয়াত শনিবাৰে বিধৌত হ'ল ঢকুৱাখনা। বাৰ্ধক্যৰ ৰোগ পীড়ায়ো স্থবিৰ কৰিব নোৱাৰা ৩কুৰি বছৰৰ দেওনা অতিক্ৰম কৰা বৰ্ষীয়ান ব্যক্তিসকলৰ আত্মীয়তা আৰু সৌহাদ্যতাত শনিবাৰে আচ্ছন্ন হয় ঢকুৱাখনাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাংগন।
শিক্ষানুষ্ঠানখনৰ পৰা ১৯৬৭-৬৮ চনৰ দশম শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰসকলে শনিবাৰে অনুষ্ঠিত কৰে ছাত্ৰ মিলন সমাৰোহ। উক্ত বর্ষৰ দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰসকলৰ উদ্যোগত গঠিত উদযাপন সমিতিৰ সভাপতি লিখন বুঢ়াগোহাঁই আৰু সম্পাদক মহেন্দ্ৰ গগৈৰ তৎপৰতাত শনিবাৰে অনুষ্ঠিত হয় ছাত্ৰ মিলন সমাৰোহ।
এই সন্দৰ্ভত বিদ্যালয় প্ৰাংগণত শনিবাৰে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা প্রাক্তন ছাত্ৰ আৰু বিদ্যালয়খনৰ পৰা অধ্যক্ষ হিচাবে অৱসৰ গ্ৰহণ কৰা লিখন বৰগোঁহায়ে। পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ কৰে প্ৰাক্তন ছাত্ৰ তথা প্ৰবীণ শিক্ষাবিদ ডঃ চেনিৰাম দত্তই।
ৰাজ্যখনৰ বিভিন্ন স্থানত কৰ্মসূত্ৰে আৰু বৈষয়ীক সূত্ৰে থিতাপি লোৱা গৰিষ্ঠ সংখ্যক বয়স্ক প্ৰাক্তন ছাত্ৰৰ অংশগ্ৰহণেৰে জীপাল হৈ পৰা বিদ্যালয় প্ৰাংগণত ইয়াৰ পাছতে শিক্ষাৰ্থীসকলৰ পৰা সংগৃহীত আৰ্থিক অনুদানেৰে আগবঢ়োৱা এক মেটমৰা শৈক্ষিক সম্পদ বিদ্যালয় কর্তৃপক্ষক প্ৰদান পৰ্ব অনুষ্ঠিত হয়। উদযাপন সমিতি আৰু গৰিষ্ঠ সংখ্যক প্ৰাক্তন ছাত্ৰ আৰু বিদ্যালয় পৰিয়ালৰ উপস্থিতিত অধ্যক্ষ কল্পনা গগৈৰ হাতত প্ৰাক্তন ছাত্ৰ সকলে বিদ্যালয় পুথিভঁৰাললৈ মুঠ ৫০ হাজাৰ টকা মূল্যৰ আলমিৰা ও মূল্যবান গ্ৰন্থ সম্ভাৰ দান সূত্ৰে আগবঢ়াই নিজা পঢ়াশালিখনৰ উত্তৰোত্তৰ কামনা কৰে।
ইয়াৰ পাছতে এটা শ্ৰুতিমধুৰ সমবেত সংগীতেৰে মুকলি সভাৰ শুভাৰম্ভ হোৱাৰ পাছত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয়খনৰ পৰা অধ্যক্ষ হিচাবে অৱসৰ গ্ৰহণ কৰা চেনিৰাম বৰুৱাই । ইয়াৰ পাছত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈয়ে উদ্বোধন কৰা মুকলি সভাত উদযাপন সমিতিৰ দ্বাৰা প্ৰকাশিত স্মৃতিগ্ৰন্থ " অন্তৰংগ" উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ তথা প্ৰবীণ অধিবক্তা নিকুঞ্জ মোহন ফুকনে।
সভাত নিৰ্দিষ্ট বক্তা হিচাবে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় কুমাৰ সন্দিকৈ আৰু ডিম্বেশ্বৰ গগৈ উপস্থিত থাকে । পৰৱৰ্তী সময়ত প্ৰাক্তন ছাত্ৰ তথা উদযাপন সমিতিৰ সভাপতি লিখন বৰগোঁহাইৰ সঞ্চালনাত অন্তৰংগ ৰসালাপ অনুষ্ঠান।
প্ৰায় ৫৬ বছৰৰ পূর্বে অধ্যয়ন কৰা কিশোৰ ছাত্রসকলৰ সাম্প্ৰতিক সময়ৰ পূৰ্ণবয়স্কতাৰ আঁচোৰেও প্ৰভাৱিত কৰিব নোৱাৰা দুৰন্ত তৰুণসকলৰ সোণালী অতীত ৰোমন্থন আৰু স্মৃতিচাৰনেৰে উজ্জীৱিত আৰু বাঙ্ময় হৈ পৰে সমগ্ৰ অন্তৰংগ আলাপ অনুষ্ঠানটি। এই মনোজ্ঞ অনুষ্ঠানতে বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সেই বর্ষৰ প্ৰাক্তন ছাত্ৰসকলক ফুলাম গামোচা আৰু বিদ্যালয় আলোচনী "বিকাশ" প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।
সভাতেই বিদ্যালয় কৰ্তৃপক্ষই ধৰ্মপ্ৰাণ মহিলা ধন প্ৰভা দেৱীক "আদৰ্শ মাতৃ বঁটা" প্ৰদান কৰে। ইয়াৰোপৰি তেওঁৰ পৰিয়ালবৰ্গকো সম্বৰ্ধনা পত্ৰ ,চেলেং চাদৰ ,গামোচা, শৰাই আৰু মুখপত্ৰ "বিকাশ" প্ৰদান কৰি গুণানুকীৰ্তন কৰা হয়।
অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰেম গগৈকে প্ৰমুখ্য কৰি বহু কেইগৰাকী প্ৰাক্তন শিক্ষাগুৰু আৰু ৰাইজ উপস্থিত থকা মুকলি সভাত উদযাপন সমিতিৰ সম্পাদক ,প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক মহেন্দ্ৰ গগৈয়ে প্ৰায় অৰ্ধ শতিকা জোৰা ব্যস্ততাময় জীৱন যাত্ৰাৰ পৰিশেষত একালৰ সকলো সতীৰ্থ একত্ৰিত হোৱাত বিদ্যালয়ৰ এই বৰ্ণিল মঞ্চই সোণালী সোপান ৰছিলে বুলি উল্লেখ কৰে। আনহাতে তেওঁ বিদ্যালয়খনৰ সোণালী ভৱিষ্যত আন্তৰিকতাৰে কামনা কৰি সকলোৰে শলাগ লয়।