অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী ৰেণু কাকতি মেধিৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী ৰেণু কাকতি মেধিৰ দেহাৱসান

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ কলাইগাঁও নিবাসী অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষয়িত্ৰী, ধৰ্মপ্ৰাণা মহিলা ৰেণু কাকতি মেধি(৮০)ৰ বাৰ্ধক্যজনিত কাৰণত আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে।

কলাইগাঁও টাউন প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ পদত যোগদান কৰি সুদীৰ্ঘ বছৰ বিদ্যায়তনিক দিশত অৱদান আগবঢ়াই ২০০৩ চনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। কলাইগাঁও মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী, শ্ৰীশ্ৰীভাগৱত মন্দিৰকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স'তে জড়িত থকা ধৰ্মপ্ৰাণা মহিলা গৰাকীৰ মৃত্যুত কলাইগাঁও টাউন প্ৰাথমিক বিদ্যালয়, কলাইগাঁও প্ৰেছ ক্লাৱ, কলাইগাঁও শ্ৰীশ্ৰীভাগৱত মন্দিৰ কলা-কৃষ্টি বিকাশ কেন্দ্ৰ, মহাপুৰুষীয়া বৈষ্ণৱ সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, কলাইগাওঁ, কেন্দুকলাই সাহিত্য সমাজ, লেখিকা সমাৰোহ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ সমন্বিতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে নশ্বৰদেহত পুস্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁৰ নশ্বৰদেহ সমদল কৰি কলাইগাঁও শ্ৰীশ্ৰীভাগৱত মন্দিৰ আৰু কলাইগাঁও টাউন প্ৰাথমিক বিদ্যালয়লৈ নি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে মৃত্যুৰ সময়ত পুত্ৰ অৰ্থাৎ কলাইগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক পূৰ্বজ্যোতি মেধি সহ দুই পুত্ৰ-বোৱাৰী,এগৰাকী বিবাহিত কন্যা আৰু নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।

অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী ৰেণু কাকতি মেধিৰ দেহাৱসান
সাহিত্যিক খগেশ্বৰ চেতিয়া ফুকনৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in