অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষয়িত্ৰী বুলুবালা বৰাৰ মৃত্যুত শোক প্ৰকাশ বটদ্ৰৱা বাসীৰ…

অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষয়িত্ৰী বুলুবালা বৰাৰ মৃত্যুত শোক প্ৰকাশ বটদ্ৰৱা বাসীৰ…

author-image
asomiyapratidin
New Update
অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষয়িত্ৰী বুলুবালা বৰাৰ মৃত্যুত শোক প্ৰকাশ বটদ্ৰৱা বাসীৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চকলাঘাট খৌৰামোচৰ গাঁও নিবাসী, চকলাঘাট জে বি স্কুলৰ অসৱৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বুলুবালা বৰাৰ শুক্ৰবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বিয়োগ হয় ৷ দীৰ্ঘদিন ধৰি মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত হৈ থকা কৃৰ্তী শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৬ বছৰ। আৰম্ভণিতে সোণাপুৰ, জাজৰি আদি অঞ্চলত শিক্ষকতা কৰা বুলুবালা বৰাই পাছত বদলি হৈ আহি চকলাঘাট জে বি স্কুলত যোগদান কৰি সুদীৰ্ঘকাল উক্ত বিদ্যালয়তে শিক্ষাৰ পোহৰ বিলায় আৰু ২০০৪ চনত একেখন বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষয়িত্ৰীৰূপে অৱসৰ গ্ৰহন কৰে।

Advertisment

"বুলু বাইদেউ" নামেৰে পৰিচিত কৃৰ্তী শিক্ষয়িত্ৰী গৰাকীয়ে তেওঁৰ গভীৰ কৰ্তব্য নিষ্ঠা আৰু অমায়িক, হাস্যমুখী ব্যৱহাৰৰ বাবে সকলোৰে পৰা সমাদৰ বুটলিবলৈ সক্ষম হৈছিল। বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী বকুল বৰাৰ সহধৰ্মিনী, বুলুবালা বৰা এগৰাকী গভীৰ অধ্যয়নশীল আৰু পৰোপকাৰী মহিলা আছিল। শনিবাৰে পুৱা তেওঁৰ নশ্বৰদেহ চকলাঘাট খৌৰামোছৰ গাঁৱৰ বাসগৃহলৈ অনাৰ পাছত চকলাঘাট শাখা সাহিত্য সভা, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি, চকলাঘাট জে বি স্কুল পৰিচালনা সমিতি আৰু শিক্ষকবৃন্দ, চকলাঘাট ক্ৰীড়া সন্থা আদি অনুষ্ঠানৰ পৰা তেওঁলৈ শেষ শ্ৰদ্ধা জনোৱা হয়। তেওঁৰ মৃত্যুত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা, নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ স্বামীসহ দুই পুত্ৰ, বোৱাৰী, নাতি-নাতিনীকে ধৰি পৰিয়ালবৰ্গক এৰি থৈ গৈছে।

আৰু পঢ়ক : চিৰাঙৰ কাজলগাঁৱত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত "ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২" কাৰ্য্যসূচীৰ শুভাৰম্ভ…

assam batadrava