ঢকুৱাখনাত অৱসৰৰ দিনাই নবীন চন্দ্ৰ গগৈৰ গ্ৰন্থ উন্মোচন…

ঢকুৱাখনাত অৱসৰৰ দিনাই নবীন চন্দ্ৰ গগৈৰ গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, ঢকুৱাখনা : চৰকাৰী চাকৰিৰ প্ৰাত্যহিক ব্যস্ততাৰ মাজতো সুৰুঙা  বিচাৰি নিজৰ সাহিত্য সৃষ্টিৰ ধাৰাবাহিকতা অব্যাহত ৰখা এগৰাকী নীৰৱ লেখক নবীন চন্দ্ৰ গগৈ । ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ পৰিসংখ্যা সহকাৰী হিচাবে  চৰকাৰী সেৱা আগবঢ়াই যোৱা এইগৰাকী প্ৰচাৰ বিমুখ সুলেখকৰ দ্বিতীয়খন সুখপাঠ্য গ্ৰন্থ " বকুল তলৰ জোনাকী"ৰ বুধবাৰে শুভ উন্মোচন কৰা হয় । 

প্ৰথমখন বহুল সমাদৃত গ্ৰন্থৰ জৰিয়তে সাহিত্য ক্ষেত্ৰখনত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা গগৈৰ দ্বিতীয় সাহিত্য সৃষ্টি "বকুল তলৰ জোনাকী" উন্মোচন কৰে অৱসৰপ্ৰাপ্ত জিলা শিক্ষা বিষয়া জীৱন চন্দ্ৰ দত্তই  । শিক্ষা খণ্ডটোৰ এগৰাকী কৰ্তব্য পৰায়ন পৰিসংখ্যা সহকাৰী (এছ এ) হিচাবে পৰিচিত গগৈৰ চাকৰিৰ পৰা আনুষ্ঠানিক অৱসৰৰ দিনটোতে এক নব্য সাহিত্য যাত্ৰাৰ পাতনি মেলা এই অনুষ্ঠান অনুষ্ঠিত হয় ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় প্ৰাংগণত । 

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী পুষ্পা গগৈৰ সঞ্চালনাত অনুষ্ঠিত অৱসৰকালীন সম্বৰ্ধনা সভা আৰু গ্ৰন্থ উন্মোচনী সভাৰ আঁত ধৰে লীনা বৰগোঁহাইয়ে  । প্ৰবীণ শিক্ষাবিদ চেনিৰাম বৰুৱাৰ বন্তি প্ৰজ্বলনেৰে  শুভাৰম্ভ হোৱা সভাত শিক্ষা খণ্ডটোৰ ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গুণীন দত্ত , ব্লক এম আই এছ ঝৰ্ণা চেতিয়া , উচ্চবৰ্গৰ সহায়ক মুখ্য নাথ দলে সহ সকলো বিষয়া কৰ্মচাৰী , প্ৰবক্তা সুৰেন বৰগোঁহাই,  সুলেখিকা পুষ্পা গগৈ,  ইন্দিৰা গগৈ ,সুৰুজ গগৈ,  অনিতা দত্ত ,বিশিষ্ট নাগৰিক, শিক্ষাবিদ পূৰ্ণানন্দ গগৈ ,চেনিৰাম বৰুৱা , দুলাল দত্ত, দ্বিগেন হাজৰিকা , লোক নাথ গগৈ, ডঃ ঠগি ৰাম গগৈ, লক্ষীৰাম বৰা,  অমিয় কুমাৰ সন্দিকৈ আদিৰ উপস্থিতিত নীৰৱ সাহিত্য স্ৰষ্টা নবীন চন্দ্ৰ গগৈৰ নবতম উপন্যাসখনে  পাঠক চিন্তাশীল সমাজৰ সমাদৰ লাভ কৰিবলৈ নিশ্চিত ভাৱে সক্ষম হব বুলি উন্মোচক দত্তই আশা প্ৰকাশ কৰে । 

অন্যহাতে এই গাম্ভীৰ্যপূৰ্ণ সভাতেই অৱসৰকালীন সম্বৰ্ধনা জনোৱা হয় শিক্ষা বিভাগৰ  কৰ্মচাৰী গগৈক ।  শিক্ষা-বিষয়াৰ কাৰ্যালয় পৰিয়ালৰ তৰফৰ পৰা  মিষ্টভাষী জ্যেষ্ঠ কৰ্মচাৰী গগৈক  সঁফুৰা , চেলেং চাদৰ , ধৰ্ম গ্ৰন্থ, বস্ত্ৰ সম্ভাৰ আৰু সম্বৰ্ধনা পত্ৰ আদি প্ৰদান কৰি  অৱসৰকালীন সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in