অসম গণ সংযোগ বিষয়া সংন্থাৰ বাৰ্ষিক সাধাৰণ নিৰ্বাচন

অসম গণ সংযোগ বিষয়া সংন্থাৰ বাৰ্ষিক সাধাৰণ নিৰ্বাচন

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: মঙলবাৰে অসম ডি আই পি আৰ(Directorate of Information & Public Relation) কাৰ্যালয়ত অনুষ্ঠিত হয় অসম গণ সংযোগ বিষয়া সন্থাৰ বাৰ্ষিক সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনত সৰ্বমুঠ ভোটাৰৰ সংখ্যা আছিল ৭০ জন।

কিন্তু এই ৭০ জনৰ ভিতৰত ৬৭ জনে ভোট দান কৰে আৰু ইয়াৰে এটা ভোট বাতিল হয়। অনলাইন ভোট দিয়ে ১৪ গৰাকীয়ে আৰু বাতিল হয় এটা ভোট। ইয়াৰ ভিত্তিতেই মুঠ ভোটৰ সংখ্যা ৯৫.৭ শতাংশ।

সাধাৰণ সম্পাদকৰ ভোটত ২ টা নোটা আৰু উপ সভাপতিৰ ভোটত এটা নোটা পৰে। নিৰ্বাচনৰ পাছত সভাপতি হিচাপে নিৰ্বাচিত হয় ডি এন লয়িং(বিনা প্ৰতিদ্বন্দ্বীতাৰে জয়), উপ সভাপতি হিচাপে নিৰ্বাচিত হয় অংশুমান মহিলাৰীক।

সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ইফটিকাৰ জামান,কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হয় মৃদুপৱন বৰা আৰু যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় জয়ন্ত মাউত।

আৰু পঢ়ক: সমস্যা সমাধান কৰিবলৈ যোৱাত সাংবাদিকক অপমান কৰাৰ অভিযোয চৰকাৰী বিষয়াৰ বিৰুদ্ধে

AIPROA 2022 - AIPROA assam Results for Annual General Election