সাংবাদিক সুব্ৰত কাকতিৰ মৃত্যু…

সাংবাদিক সুব্ৰত কাকতিৰ মৃত্যু…

author-image
asomiyapratidin
New Update
সাংবাদিক সুব্ৰত কাকতিৰ মৃত্যু…

ডিজিটেল ডেস্ক: সাংবাদিক সুব্ৰত কাকতি গুৱাহাটীৰ নেমকেয়াৰ হস্পাতালত সোমবাৰে পুৱা মৃত্যু হয়। ভিডিঅ' এডিটৰ হিচাপে সাংবাদিকতা আৰম্ভ কৰা কাকতিয়ে এটা ব্যক্তিগত চেনেলত প্ৰথমে কাম কৰিছিল।

Advertisment

তাৰ পাছত অসমীয়া প্ৰতিদিন, প্ৰাগ নিউডৰ সৈতেও জড়িত আছিল কাকতি। প্ৰায় ডেৰ বছৰ কাল বান্দৰদোৱাৰ পৰা অসমীয়া প্ৰতিদিনৰ সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল।

বাতৰি সংগ্ৰহ কৰি থাকোতেই কিছু দিনৰ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈছিল কাকতি। তাৰ পাছত এক জটিল অস্ত্ৰ পচাৰো হৈছিল কাকতিৰ। সুস্থ হৈ উঠা কাকতি স্বাস্থ্যৰ নিয়মীয়া চেকআপৰ বাবে ৰেলেৰে গুৱাহাটীলৈ আহি থাকোতে পুৱা গুৱাহাটীত নামিয়েই অসুস্থ হৈ পৰে। তাৰপাছত তেওঁক নেমকেয়াৰ হস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আৰু পঢ়ক: গুৱাহাটীত CBI ৰ অতৰ্কিত অভিযান, এজনক আটক, বাসভৱনত তালাচী…

assam journalist