/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ashim.jpg)
ডিজিটেল সংবাদ, বোকাখাত : মৃত্যুৰ স'তে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে নুমলীগড়ৰ সাংবাদিক অসীমজ্যোতি বৰাই ৷ নুমলীগড়ৰ পৰা 'দৈনিক জনমভূমি' কাকতত সংবাদ পৰিৱেশনেৰে ৰাইজৰ সেৱাত নিজকে উছৰ্গা কৰা অসীমজ্যোতি বৰাই বুধবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷
উল্লেখযোগ্য যে যোৱা ৩০ জুলাইৰ বাহিৰলৈ ওলাওঁতে তেওঁক বিষাক্ত সাপে দংশন কৰিছিল ৷ লগে লগে পৰিয়ালৰ লোকে তেওঁক সমীপৰে নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসালয় পোৱাৰ কিছু সময়তে সময়ৰ পাছতে তেওঁ সংজ্ঞা হেৰুৱাই পেলাইছিল আৰু আইচিইউত ৰাখি চিকিৎসকসকলে সাংবাদিক গৰাকীক সুস্থ কৰিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছিল ।
ভি কে এন আৰ এল চিকিৎসালয় কৰ্তৃপক্ষই উপলব্ধ সকলো চিকিৎসা প্ৰদানৰ লগতে চিকিৎসালয়ৰ সৰ্প বিশেষজ্ঞ হিচাপে বিশেষ খ্যাতি অৰ্জা ডিমৌ চিকিৎসা কেন্দ্ৰৰ চিকিৎসক ডা: সুৰজিৎ গিৰিক এনআৰএল-ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়লৈ আনি বিশেষ চিকিৎসাৰ ব্যৱস্থা কৰে ৷ তথাপি অসীমজ্যোতি বৰাৰ অপৰিবৰ্তিত তথা স্বাস্থ্যৰ কোনো উন্নতি নঘটাত মঙলবাৰে তেওঁক লৈ যোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৷
অৱশেষত সকলো প্ৰচেষ্টাক বিফল কৰি আজি অসীমজ্যোতি বৰাই চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ৷ অতি সৰবৰহী, সৰল, সদা-হাস্যমুখৰ যুৱ সাংবাদিকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে মৰঙি আৰু নুমলীগড়ত গভীৰ শোকৰ ছাঁ পৰিছে ৷ মৰঙি প্ৰেছ ক্লাৱৰ সাংগঠনিক সম্পাদক অসীমজ্যোতি বৰাৰ মৃত্যুত মূক হৈ পৰিছে সন্থাৰ সকলো সদস্য ৷
সংবাদসেৱাৰ যোগেদিযেই ৰাইজৰ সেৱাত ব্ৰতী অসীমজ্যোতি বৰা অঞ্চলটোৰ সকলো সাংস্কৃতিক, ক্ৰীড়া আৰু সাহিত্য ক্ষেত্ৰৰ সংগঠনসমুহৰ স'তে নিজকে জড়িত কৰি অঞ্চলটোক আগবঢ়াই নিবলৈ অহোপুৰুষাৰ্থ কৰিছিল ৷ বৰাৰ অকাল মৃত্যুত আপকুৰ গোলাঘাট জিলা সমিতি, বোকাখাত মহকুমা সাংবাদিক সংস্থা, কামাৰগাঁও সাংবাদিক সন্থা, মৰঙি প্ৰেছ ক্লাব, কমাৰগাঁও প্ৰেছ ক্লাব, নুমলিগড় সাংবাদিক সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ মৰঙি আঞ্চলিক সমিতি, গোৰ্খা ছাত্ৰ সন্থা, আটছা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মৰঙি শাখা, অসম সাহিত্য সভাৰ মৰঙি, দৈগ্ৰোং আৰু নুমলীগড় শাখাকে ধৰি অনেক দল সংগঠনে শোক প্ৰকাশ কৰিছে ৷
৩২ বছৰীয়া অসীমজ্যোতি বৰাই মৃত্যুৰ সময়ত পত্নী সহ তিনি বছৰীয়া এটি কন্যা সন্তানৰ লগতে দুজন ভ্ৰাতৃ আৰু পিতৃৰ লগতে অলেখ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে ৷ প্ৰয়াত অসীমজ্যোতি বৰাৰ অন্ত্যেষ্টিক্ৰিয়া কাইলৈহে সম্পন্ন কৰা হ'ব ৷ তাৰ পূৰ্বে অসীমজ্যোতি বৰাৰ নশ্বৰ দেহৰ প্ৰতি পুৱা ৮ বজাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এক কাৰ্যসূচী লৈছে বুলি মৰঙি প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়া আৰু সম্পাদক প্ৰীয়ংদ্বীপ কাকতিয়ে জানিবলৈ দিয়ে ৷