/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6538f9df-d668-410f-bf3a-57b759f49fe5/AP_01_.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : উত্তৰ পূৰ্বাঞ্চলত আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতা এতিয়াও যে আছে সেই কথা ত্ৰিপুৰা,মেঘালয় আৰু নাগালেণ্ড ৰাজ্যৰ ফলাফলে পুনৰ প্ৰমাণ কৰিছে বুলি প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদৰ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাই কয়। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই উল্লেখ কৰে যে কোনো কোনো ব্যক্তিয়ে অথবা ৰাজনৈতিক দলে ভবাৰ দৰে উত্তৰপূৰ্বাঞ্চলত আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰভাৱ কমা নাই।
আঞ্চলিক ৰাজনৈতিক চিন্তা চৰ্চাৰ মাজেৰেহে সমস্যাসমূহ পূৰণ হোৱা সম্ভৱ। বিশেষকৈ,জাতিসমূহৰ স্বকীয়তা ৰক্ষা কৰাৰ ক্ষেত্ৰত আঞ্চলিক ৰাজনৈতিক দৰ্শন পূৰ্ণ প্ৰয়োজন আছে। ত্ৰিপুৰা,মেঘালয় আৰু নাগালেণ্ডৰ ফলাফলে প্ৰমান কৰিলে যে, ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ নিচিনাকৈ উত্তৰপূৰ্বাঞ্চলত আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰয়োজন।
ত্ৰিপুৰাত সৰ্বভাৰতীয় দলে চৰকাৰ গঠন কৰিবলৈ সম্ভৱ হ'লেও আঞ্চলিক দল তিপ্ৰামথাই ১৩ খন আসন দখল কৰিবলৈ সক্ষম হৈছে। মেঘালয়ত এন.পি.পি দলে ২৬, ইউ ডি পি য়ে ১১,নাগালেণ্ডত এন ডি পি পি ২৪ আৰু এন পি এফ দলেও সন্তুষজনকভাৱে আসন দখল কৰিবলৈ সক্ষম হৈছে।
সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সকলো ধৰণৰ ক্ষমতাৰ লগত সমানে ফেৰ মাৰি এনেধৰনেৰে বিজয় সাব্যস্ত কৰাটো উত্তৰপূৰ্বাঞ্চলৰ বাবে বৰুৱাই উল্লেখ কৰে। লগতে ভৱিষ্যতৰ দিন বিলাকত আঞ্চলিক শক্তিক অধিক শক্তিশালী কৰি ৰাজ্যসমূহৰ মৌলিক সমস্যাসমূহ সমাধান কৰাৰ কথা মত পোষণ কৰে।
Also Read: বাতৰিৰ প্ৰভাৱঃ চিলংনীৰ পৰা গৰাকীয়ে ওভতাই নিলে নিৰুদ্দেশ হোৱা ঘোঁৰা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us