/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5a670ec1-38e4-442b-84c4-ac31ffda97e4/71f37a1b-898d-4307-a30d-d89bf94744ce.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাওঁঃ নগাঁও জিলাৰ গোমোঠা গাঁও আঞ্চলিক অখণ্ড নাম মহোৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত গোমোঠা গাঁৱৰ বিষ্ণু মন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৪৬ তম আঞ্চলিক অখণ্ড নাম মহোৎসৱৰ দেওবাৰে সন্ধ্যা সামৰণি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fd6e2601-8587-4fc0-b2a7-8f4f1675c80e/22a31486-14be-4539-948f-858094934740.jpg)
কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰী শ্ৰী গজলা সত্ৰৰ ডেকা সত্ৰীয়া উৎপল মহন্তই।ইয়াৰ পিছতে ভাগৱত ভ্ৰমণ,দুপৰীয়া নাম প্ৰসংগ আৰু বিয়লি ৪ বজাৰ পৰা অখণ্ড নাম আৰম্ভ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9984cd54-228f-4dcc-8565-cab3b6488c99/0838cc85-11e4-4c88-8853-d3ddbb66543a.jpg)
এই অখণ্ড নাম মহোৎসৱত গোমোঠা গাঁৱৰ শিৰোমণি শিশু শিল্পী সমাজ নামৰ দল,ননৈৰ শংকৰদেৱ সাংস্কৃতিক গোষ্ঠী নামৰ দল,ডিমৰুগুৰিৰ শংকৰী সাংস্কৃতিক গোষ্ঠী নামৰ দল,বঢ়মপুৰ আঞ্চলিক হৰি ভকতি নামৰ দল,গোমোঠা গাঁও কলংপৰীয়া মিলিজুলি মহিলা নামৰ দলে অবিৰত হৰিনাম পৰিবেশন কৰি অঞ্চলটোৰ আকাশ বতাহ মুখৰিত কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ef26dfa0-8ec2-4a99-a165-a70141b6c059/cf1bfc98-e832-41de-b936-97226ff2af1e.jpg)
সোমবাৰে সন্ধ্যা অখণ্ড মহোৎসৱৰ সামৰণি পৰে।উল্লেখযোগ্য যে,এই বৃহৎ ধৰ্মীয় অনুষ্ঠানভাগে ২০২৮ বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিব।
Also Read: কাইলৈ বাজেট দাখিল, আজিৰে পৰা আৰম্ভ সংসদৰ বাজেট অধিৱেশন...