বৃহস্পতিবাৰে ৰাজ্যৰ তথ্য আয়ুক্ত হিচাপে শপত ল'ব ৰীপ হাজৰিকাই...

বৃহস্পতিবাৰে ৰাজ্যৰ তথ্য আয়ুক্ত হিচাপে শপত ল'ব ৰীপ হাজৰিকাই...

author-image
Asomiya Pratidin
New Update
বৃহস্পতিবাৰে ৰাজ্যৰ তথ্য আয়ুক্ত হিচাপে শপত ল'ব ৰীপ হাজৰিকাই...

বৃহস্পতিবাৰে ৰাজ্যৰ তথ্য আয়ুক্ত হিচাপে শপত ল'ব ৰীপ হাজৰিকাই...

ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক তথ্য আয়োগৰ ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে ৰীপ হাজৰিকাক নিযুক্তি দিয়া হৈছে। অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই এক অধিসূচনা যোগে তেওঁক এই নিযুক্তি প্ৰদান কৰিছে।

উল্লেখ্য যে শ্রীহাজৰিকা হৈছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক। ৰাজস্থানৰ বিৰলা ইনষ্টিটিউট অব্ ছাইন্সৰ পৰা ৰসায়নৰ অভিযান্ত্ৰিক স্নাতক তথা দিল্লী আই আই এমৰ পৰা পাৰ্চনেল মেনেজমেণ্টত স্নাতক ডিগ্ৰীধাৰী ৰীপ হাজৰিকাৰ কাৰ্যকালৰ সময়তেই অসম গ্ৰেছ ক্ৰেকাৰ প্ৰকল্পই দেশৰ ভিতৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।

অহা বৃহস্পতিবাৰে তেওঁ ৰাজভৱনত ৰাজ্যপালে তেওঁক শপতবাক্য পাঠ কৰোৱাব।

Also Read: জালুকবাৰী ছোৱালী হাইস্কুলত কেৰিয়াৰ সজাগতা সভা

তথ্য আয়ুক্ত