/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/35583e10-a011-40a4-9938-9b25cd4feb68/SI_recruitment.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এখন সত্ৰত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান। সত্ৰ-নামঘৰত সাধাৰণতে তিথি, মহোৎসৱ, ভাওনা, সবাহ অনুষ্ঠিত হয়। কিন্তু সত্ৰৰ ভকত বৈষ্ণৱ, আইমাতৃৰ উপস্থিতিত নামঘৰত অনুষ্ঠিত হ'ল এক সম্বৰ্ধনা অনুষ্ঠান। বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত কৰচোং সত্ৰত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান। যোৱা ১৮ ছেপ্টেম্বৰত অসম চৰকাৰৰ অৰক্ষী বিভাগৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰা হয়। এই নিযুক্তিৰ ফলাফলত কৰচোং সত্ৰৰ তিনিজন ভকতৰ পুত্ৰ-কন্যাই লাভ কৰিছে নিযুক্তি।
এনেদৰে সত্ৰখনৰ তিনিজন নৱপ্ৰজন্মই নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে মংগলবাৰে নিশা সত্ৰৰ নামঘৰত উৎসৱ সদৃশ পৰিবেশত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। কৰচোং সত্ৰৰ ডেকা সত্ৰীয়া উৎপল গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত ভাস্কৰ, কাকুমনি আৰু দীপাংকৰ নামৰ তিনিজন নৱনিযুক্তক গামোচা পিন্ধাই আশীষ প্ৰদান কৰে আইমাতৄ সকলে। তিনিওজনে নামঘৰত সেৱা লৈ এভাগি ঘোষা গাই ভকত বৈষ্ণৱৰ আশীৰ্বাদ গ্রহন কৰে। এনেদৰে তিনিজনে নিযুক্তি লাভ কৰাত সত্ৰখনত আনন্দ মুখৰ পৰিবেশ সৃষ্টি হৈছে।