/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6e06b9e9-1f1d-4fed-ae94-7f30d1858e75/mangaldoi.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ চহৰৰ নিকটৱৰ্তী বান্দিয়াৰ ইষ্ট মঙলদৈ ছুপাৰ ষ্টাৰ ক্লাবৰ উদ্যোগত চলিত বৰ্ষৰ উচ্চ, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ষ্টাৰ, ডিষ্টিংচন পোৱা আৰু মেডিকেলৰ নীট (NEET) পৰীক্ষাত উত্তীৰ্ণ চৰ অঞ্চলৰ কৃতী ছাত্ৰ- ছাত্ৰীক মঙলবাৰে উষ্ণ সম্বৰ্দ্ধনা জনোৱা হয়। এই উপলক্ষে ক্লাবৰ চৌহদত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক এম নবীৰ আলীৰ সঞ্চালনাত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল দৰঙৰ সহকাৰী আয়ুক্ত ৰিণি হাজৰিকা ।
আমন্ত্ৰিত অতিথি হিচাপে দলগাওঁ ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাজিবৰ ৰহমান , সমাজকৰ্মী তথা বিশিষ্ট চিকিৎসক ডা: কমলেশ্বৰ নাথ, মঙলদৈ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ছাহাবুদ্দিন আহমেদ, শিক্ষক ডঃ নৱাব আলী, ৰেইনবো একাডেমীৰ অধ্যক্ষ মমিনুৰ ৰহমান , সাংবাদিক আছাদ আলী আদিয়ে উপস্থিত থাকি কৃতী ছাত্ৰ- ছাত্ৰীসকলক গামোছা,জাপি,মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে একোখনকৈ অভিধান উপহাৰ প্ৰদান কৰে ।
তদুপৰি শৈক্ষিক দিশত পিছপৰা অঞ্চলটোৰ পৰা এইবাৰ নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ইয়াছমিন নৱাজ আৰু নুৰুল আমিনক মেডিকেল ছায়েন্সৰ অভিধান উপহাৰ প্ৰদান কৰা হয় । সহকাৰী আয়ুক্ত ৰিণি হাজৰিকাই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি উদ্গনিমূলক ভাষণত কয় যে এইবেলি দুগৰাকীয়ে মেডিকেল কলেজত অধ্যয়নৰ বাবে আসন লাভ কৰিছে। এওঁলোকক আদৰ্শ হিচাপে লৈ অহাবাৰ কমেও দহগৰাকীয়ে যেন সফলতা লাভ কৰে তাৰ বাবে চেষ্টা চলাব লাগিব। তদুপৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান দখল কৰিবলৈও এই অঞ্চলৰ শিক্ষাৰ্থীয়ে পঢ়াশুনাত মনোনিবেশ কৰিব লাগিব বুলিও কয় ।