/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c6bb6236-e9ed-48e4-b4c8-a9ab8df372ad/AP_FOR_WEB_flood.png)
২৯ খন জিলাৰ ১৬ লাখ ২৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্তঃ ৩৯ জনৰ মৃত্যু...
ডিজিটেল ডেস্কঃ ৰাজ্যত মঙ্গলবাৰৰ তুলনাত বুধবাৰে বানপীড়িত জিলাৰ সংখ্যা আৰু এখন বৃদ্ধি পালে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি বুধবাৰৰ দিনটোলেকৈ অসমৰ মুঠ ২৯ জিলাতেই বান পানী হৈছে। ইয়াৰোপৰি বান পীড়িত ৰাজহ চক্ৰৰ সংখ্যাও মঙ্গলবাৰৰ ৮৪ টাৰ পৰা বুধবাৰে ১০৫ টালৈ বৃদ্ধি পাইছে।
বানৰ কবলত থকা এই জিলা কেইখন ক্ৰমে বৰপেটা, বিশ্বনাথ, বঙাইগাওঁ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, কামৰূপ (মেট্ৰ'), কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, মৰিগাওঁ, নগাওঁ, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমৰা আৰু তিনিচুকীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a4f76fb7-0295-4bff-a93b-e47d036856f3/flood 1.jpeg)
তথ্য অনুসৰি এই ২৯ খন জিলাৰ ১০৫ টা ৰাজহ চক্ৰ বানপানীৰ কবলত আছে। আনহাতে গোৱালপাৰাত ১৯২, নগাঁৱত ৮৮, নলবাৰীত ৫৬, কামৰূপত ২৮১, মৰিগাঁৱত ১৯৪, ডিব্ৰুগড়ত ১৬২, শোণিতপুৰত ৭৭, লখিমপুৰত ২৩৪, দক্ষিণ শালমৰাত ৩২, ধুবুৰীত ২৬৮, বঙাইগাঁৱত ৫২, যোৰহাটত ৪৮, চৰাইদেউত ৪৫, হোজাইত ৩৬, কৰিমগঞ্জত ৪৯, শিৱসাগৰত ১১৩, দৰঙত ১২৯, বৰপেটাত ১০২, ধেমাজিত ১৬৯, হাইলাকান্দি ৩৮, গোলাঘাটত ৮৮, বিশ্বনাথত ৮৫, কাছাৰত ১১৫, কামৰূপ মহানগৰত ৪০, তিনিচুকীয়াত ৪৪, কাৰ্বি আংলংত ১, পশ্চিম কাৰ্বি আংলংত ১ আৰু মাজুলীত ৫৭ খন গাওঁ মিলাই মুঠ ২৮০০ খন গাওঁ আছে পানীৰ তলত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6b166492-7794-4a78-afc3-d94ac52c86ea/WhatsApp Image 2024-07-04 at 11.38.45 AM.jpeg)
চৰকাৰী তথ্য অনুসৰি এই পৰ্যন্ত এই ২৯ খন জিলাৰ ২৮০০ গাঁৱৰ ৩৯৪৫১.৫১ হেক্টৰ কৃষি ভূমিও প্লাবিত হৈছে। এই বানত ক্ষতিগ্ৰস্ত হৈছে মুঠ ১৬ লাখ ২৫ হাজাৰ ৮৯ গৰাকী লোক। ইয়াৰ ভিতৰত আছে ৬,৭৬,৪১১ গৰাকী পুৰুষ, ৫,৭৬,২৬৫ গৰাকী মহিলা, ৩,৭২,৪১৩ টা শিশু।
ইয়াৰোপৰি ৰাজ্য চৰকাৰে এই পৰ্যন্ত মুঠ ৫১৫ টা বান সাহায্য শিবিৰ স্থাপন কৰিছে। এই সাহায্য শিবিৰত এই পৰ্যন্ত ২৫ হাজাৰ ৭৪৪ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। আনহাতে কেৱল সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে ২৫ হাজাৰ ২৪৬ টা।
এই বানপানীত এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হৈছে মুঠ ১১,২০,১৬৫ টা পশুধন। চৰকাৰী তথ্য অনুসৰিয়েই এই পৰ্যন্ত ৩৯ গৰাকী লোকৰ মৃত্যু হৈছে। কিন্তু বেচৰকাৰী তথ্য অনুসৰি এই সংখ্যা ৪০ ৰো অধিক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b9df28f6-1665-42e2-8728-cabe545683f6/kaziranga 2.jpeg)
Also Read: অসমত প্ৰলয়ংকৰী বান! বানৰ কবলত ২৮ খন জিলা, ৩৯জনৰ মৃত্যু...