অস্তিত্বৰ সংকটত কাছধৰা কুমাৰ গাঁৱৰ মৃৎ শিল্প

আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সমাজখনৰ মৃৎ শিল্পৰে জীৱন নিৰ্বাহ কৰা লোক সকললৈ উৎসবে কঢ়িয়াই আনে আশাৰ বতৰা।

author-image
Asomiya Pratidin
New Update
অস্তিত্বৰ সংকটত কাছধৰা কুমাৰ গাঁৱৰ মৃৎ শিল্প

ডিজিটেল সংবাদ,বেবেজীয়া: ব্যাপক মুদ্ৰাস্ফীতি আৰু নিত্য ব্যৱহায্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সমাজখনৰ মৃৎ শিল্পৰে জীৱন নিৰ্বাহ কৰা লোক সকললৈ উৎসবে কঢ়িয়াই আনে আশাৰ বতৰা। সম্প্ৰীতি মৃৎ শিল্পী সকল ব্যস্ত হৈ পৰিছে পোহৰৰ উৎসৱ দীপাৱলীত ধৰাতল উজ্বলাই তুলিবলৈ ৷

Advertisment

ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ কাছধৰা কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল ৷ এই গাঁওখনৰ কষ্টসহিষ্ণু মৃৎ শিল্পীসকলে দীপাৱলীৰ প্ৰাকক্ষণত দিনে-নিশাই ব্যস্ত হৈ কৰিছে মাটিৰ চাকি তৈয়াৰ কৰাত ৷ যেন গাঁওখনৰ প্ৰতিখন ঘৰেই পোহৰেৰে ধৰাতল উজ্বলাই তোলাৰ দায়িত্বহে বহন কৰিছে ৷

সেয়ে গাঁওখনৰ ৬০ ঘৰ পৰিয়ালৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈ সকলোয়ে মিলি অহৰ্নিশে ব্যস্ত হৈ পৰিছে চাকি সাজি বজাৰত বিক্ৰীৰ বাবে সাজু কৰি তোলাৰ প্ৰচেষ্টাত ৷ উল্লেখ্য যে, এই গাঁওখনৰ লোকসকলে বছৰ বছৰ ধৰি আওপুৰণি পদ্ধতিৰে মৃৎ শিল্পক জীয়াই ৰখাৰ অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এটা সময়ত গাঁওখনৰ প্ৰতিঘৰ গৃহস্থিয়ে মাটিৰ পাত্ৰ বনোৱাৰ কাম কৰি আহিছিল ৷

কিন্তু বৰ্তমান গাঁওখনৰ প্ৰায় আধা সংখ্যক মানুহ এই শিল্পৰ লগত জড়িত নহয় যদিও বাকীবোৰে আজিও পূৰ্ব পুৰুষৰ পৰম্পৰা ৰক্ষা কৰি মৃৎ শিল্পক জীয়াই ৰাখিছে ৷ মৃৎ শিল্পৰ বাবে এক সুকীয়া পৰিচয় থাকিলেও গাঁওখন পিছে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া ৷ কিয়নো, প্ৰশাসনিক বিষয়াৰ পৰা প্ৰবক্তা, আইনজীৱী, শিক্ষক আদিৰ দৰে পদ মৰ্যদাৰ লোক এই গাঁওখনৰ পৰা ওলাই আহিছে ৷

তথাপিও প্ৰাচীন পৰম্পৰা অটুট ৰাখি যথেষ্ট সংখ্যক লোক এতিয়াও এই মৃৎ শিল্পৰ দৰে বৃত্তিৰ লগত জড়িত হৈ থকাটো বিশেষভাবে মন কৰিবলগীয়া ৷ মৃৎ শিল্পৰ লগত জড়িত এইসকলে আওপুৰণি পদ্ধতিৰে আটকধুনীয়াকৈ কলহ, টেকেলী, চৰু, ধূনাবাতি, ঘট, মলা, চাকি, পানীৰ ফিল্টাৰ, ফুলৰ টাব আদি তৈয়াৰ কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে ৷ এতিয়া দীপাৱলীক কেন্দ্ৰ কৰি গাঁওখনৰ এইসকল লোকে হাজাৰ হাজাৰ মাটিৰ চাকি তৈয়াৰ কৰি তুলিছে ৷

দেখা গৈছে যে, প্ৰাচীন পদ্ধতিৰে উৎপাদন কৰিবলৈ যাঁওতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় ৷ সেয়ে এই গাঁওখনে মৃৎ শিল্পৰ ক্ষেত্ৰত বিশেষ উন্নতি সাধন কৰিব পৰা নাই যদিও কৰ্ম-সংস্কৃতিৰ বাবেই এই শিল্পটোক বহু কষ্টৰে জীয়াই ৰাখিছে ৷ ইফালে, বজাৰত বিভিন্ন ৰংচঙীয়া প্লাষ্টিকৰ চাকিয়ে ক্ৰেতাক আকৃষ্ট কৰি বজাৰ দখল কৰাত মাটিৰ চাকিৰ চাহিদা বহু পৰিমাণে কমি অহাত মাধমাৰ শুধাইছে এইসকল দৰিদ্ৰ মৃৎ শিল্পীক ৷

তথাপিও প্ৰতি বছৰে অলেখ আশা বুকুত বান্ধি পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত এইসকল ব্যস্ত হৈ পৰে তেঁওলোকৰ কৰ্মত ৷ মন কৰিবলগীয়া যে, চৰকাৰী সুযোগ-সুবিধা নাপালে লাহে লাহে হয়টো এদিন এই মৃৎ শিল্পীসকল আন কামৰ সন্ধানত ওলাই গ’লে চিৰদিনলৈ হেৰাই যাব এটি ঐতিহ্যশালী কুটীৰ শিল্প ৷ সেয়ে এইসকল শিল্পীৰ প্ৰতি চৰকাৰে সময় থাকোতেই সহায়ৰ হাত আগবঢ়াই এই শিল্পটোক জীয়াই ৰখাৰ দায়িত্ব বহন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷

Also Read: মঙলদৈত জল দীপাৱলী উদযাপন