উৎসৱৰ বতৰত বজাৰত মূল্যবৃদ্ধি : কৃষক মুক্তিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া

উৎসৱৰ বতৰত বজাৰত মূল্যবৃদ্ধিৰ সমস্যাই গ্ৰাহকক ব্যাপক সমস্যাত পেলাইছে
উৎসৱৰ বতৰত বজাৰত মূল্যবৃদ্ধি : কৃষক মুক্তিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ,কামপুৰ : পবিত্ৰ ৰমজান মাহৰ অন্ত পেলাই আজি ইছলামধৰ্মী লোকসকলৰ ঈদ-উল-ফিৎৰ। অৱশ্য়ে উৎসৱৰ বতৰত  বজাৰত মূল্যবৃদ্ধিৰ সমস্যাই গ্ৰাহকক ব্যাপক সমস্যাত পেলাইছে ।

নিজৰ পছন্দৰ সামগ্ৰী ক্রয় কৰিবলৈ আহি চিন্তিত হৈ পৰিছে গ্ৰাহকসকল।  বজাৰত  বহু অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি হোৱাত গ্ৰাহকৰ মাজত প্ৰতিক্রিয়াৰ সৃষ্টি হৈছে।ইয়াৰ লগে লগে  পেট্ৰল -ডিজেলৰ মূল্য বৃদ্ধিয়ে আন এক সমস্যাত পেলাইছে সাধাৰণ ৰাইজক।

এই সম্পৰ্কত শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি,নগাওঁ জিলাৰ আমচু,কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাই পৃথকে পৃথকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি শাসনাধিষ্ঠ  চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। এই সম্পৰ্কত কৃষক মুক্তি সঃগ্ৰাম  সমিতিৰ সভাপতি ৰাজু বৰাই ব্যক্ত কৰে যে অসম এখন বানাক্ৰান্ত ৰাজ্য। সঘনাই অসমত প্ৰাকৃতিক দুৰ্য্যোগৰ ফলত কৃষকে খেতি চপাব নোৱাৰে।

লগতে বৰাই কয় যে "চৰকাৰে বিশ্ব ৰেকৰ্ড গঢ়িবৰ বাবে কোটি টকা খৰচ কৰি বিহু পতাতো ভাল কথা। কিন্তু তাৰ লগে লগে গাঁৱত ঢোলটো বজিছে নে আৰু মূল্যবৃদ্ধিয়ে জুৰুলা  কৰাৰ সময়ত গাঁৱৰ কৃষকজনে কি দৰে বিহু উদযাপন কৰিছে তাৰ প্ৰতিও আমি লক্ষ্য কৰিব লাগিব" বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে।

নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে উৎসৱৰ বতৰত সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধোৱা বুলি মন্তুব্য কৰে ৰাজু বৰাই। সভাপতিগৰাকীয়ে উৎসৱৰ বতৰত সাধাৰন জনতাই মূল্যবৃদ্ধিৰ পৰা যি দৰে চৰকাৰ খনে সকাহ দিব লাগিছিল সেই পদক্ষেপ লব পৰা নাই। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰে তৎকালে ব্যৱস্থা লোৱাৰ দাবী জনায় ।

আনহাতে নগাওঁ জিলাৰ আমচুৰ সভাপতি আব্দুল নুৰে মন্তুব্য প্ৰকাশ কৰে যে "বি জে পি চৰকাৰৰ এটা শ্লগান আছিল দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতা গ্ৰহণ কৰা ,মূল্যবৃদ্ধি ৰোধ কৰা। কিন্তু বি জে পি চৰকাৰৰ দিনতে বিহু আৰু ঈদৰ সময়তো নিত্য ব্যৱহাৰ্য  সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰন শ্ৰেনী ৰাইজক ব্যাপক সমস্যাত পেলাইছে।"

তেওঁ লগতে উল্লেখ কৰে যে কৰ্মসংস্থাপন সৃষ্টি কৰিব নোৱাৰা চৰকাৰখনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি গৈছে। হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰখনে অৰুণোদয় আঁচনিৰ নামত মাহত ১৪ শ টকা দি আছে যদিও প্ৰতিগৰাকীলোকৰ মূল্যবৃদ্ধিৰ ফলত দৈনিক পকেটৰ পৰা ৫০০-১০০০ টকা ওলাই গৈ আছে।

তেওঁ চৰকাৰৰ প্ৰতি কৰ্মসংস্থানপনৰ ব্যৱস্থা কৰা, মূল্যবৃদ্ধিৰোধ কৰা, চিণ্ডিকেট বন্ধ কৰাৰ দাবী জনায়। এটা সময়ত পিয়াজৰ মালা লৈ আন্দোলন কৰা বি জে পি দলটোৱে এতিয়া চৰকাৰ গঠন কৰি মূল্যবৃদ্ধি কিয় ৰোধ কৰিব পৰা নাই বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানেও চৰকাৰে মূল্যবৃদ্ধি ৰোধ  কৰিব নোৱাৰাৰ অভিযোগ আনি  বৰ্তমানৰ বি জে পি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰহমানে কয় যে বি জে পি দলটোৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিৰ্বাচনৰ আগত  আন্দোলন কৰি চৰকাৰ গঠন কৰিছিল । কিন্তু চৰকাৰ গঠনৰ পিছত বি জে পি চৰকাৰ খনে লুটিবাগৰ মাৰে।

বৰ্তমান মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা বুলিও শ্ৰমিক নেতাজন মন্তুব্য কৰে। বিহু - ঈদৰ বতৰত বানপীড়িত কৃষক ৰাইজক অত্যাধিক মূল্যবৃদ্ধিয়ে মাধমাৰ সোধোৱা বুলিও ৰহমানে মন্তুব্য কৰে। চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা ছাইদুৰ ৰহমানে মৃল্যবদ্ধি ৰোধ কৰাৰ দাবী জনায় ।

উৎসৱৰ বতৰত বজাৰত মূল্যবৃদ্ধি : কৃষক মুক্তিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া
গোগামুখৰ শিঙিজানত পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in