/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/RAT-NA.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ 'যতীন-জুবিন-মুনিন' এয়া কেৱল তিনিটা নাম নহয়,অসমীয়া ছবিজগতক আজিৰ পৰ্যায়লৈ অনা একো একোডাল সাঁকো। প্ৰয়াত মুনিন বৰুৱাৰ আশীষ শিৰত লৈ যতীন-জুবিন আকৌ আহিছে একেলগে। ১৯৯০ চনৰ আব্দুল মজিদৰ ছবি 'উত্তৰকালেৰে অভিনয় জীৱনৰ পাতনি মেলা যতীন বৰাক অসমৰ প্ৰতিজন দৰ্শকৰ চিনাকী মুখ হিচাপে পৰিচয় লাভ কৰিছিল মুনিন বৰুৱাৰ ছবি হিয়া দিয়া নিয়াৰ জৰিয়তে। আৰু সেই ছবিখনতে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ ঘটে জুবিন গাৰ্গৰ। ছবিগৃহত হিয়া দিয়া নিয়া ছুপাৰ হিট। ইয়াৰ পিছতে আৰম্ভ হয় মুনিন-যতীন-জুবিনৰ যাত্ৰা। জুবিনৰ চিৰযৌৱনা গীতবোৰ যতীনৰ ওঁঠত যেন প্ৰাণ পাই উঠিছিল। পৰৱৰ্তী সময়ত দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং আদি বহুকেইখন হিট ছবিত একেলগে কাম কৰিছিল এই যুটিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/3a1ffb76-68bd-4acc-832a-9473758cbf85.jpg)
অসমীয়া ছবিৰ পুতৌ লগা অৱস্থাতে জুবিনৰ মিছন চাইনাই কিছু আশাৰ ৰেঙনি আনিছিল। গাঁৱে-ভূঞে আকৌ দেখা গৈছিল অসমীয়া চিনেমা চাবলৈ মানুহৰ মাজত থকা উৎকন্ঠা। মিছন চাইনাৰ পাছতে ছবিঘৰত অচিৰেই মুক্তি পাব জুবিনৰ ছবি কাঞ্জনজংঘা। জুবিনৰ এই ছবিখনৰ মুক্তিৰ পূৰ্বে ছবিগৃহলৈ আহিব যতীন বৰাৰ ছবি ৰত্নাকৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/wp-content/uploads/2018/01/ratnakar-assamese-film.jpg)
২০০৬ চনত অধিনায়ক নামৰ ছবিখন পৰিচালনা কৰা যতীন বৰাৰ এই ছবিখন তেওৰ দ্বিতীয়খন পৰিচালিত ছবি। জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছে যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাই। ছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ। বিনামূল্য বন্ধু যতীন বৰাৰ ছবিখনৰ মুঠ ৫ টা গীতৰ ১ টা গান লিখিছে জুবিন গাৰ্গে । বাকী ৪ টা গান ৰচনা কৰিছে শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/7b60c1e5-0c08-4c8f-a640-9124b9fddf93.jpg)
যোৱা ৩ এপ্ৰিলত মহানগৰীৰৰ শ্ৰদ্ধাঞ্জলি কাননত এক বণাৰ্ঢ্য অনুষ্ঠানত মুকলি কৰা হয় ছবিখনৰ সংগীত। এই অনুষ্ঠানত উপস্থিত থাকে ছবিখনৰ সকলো কলা-কৌশলী। ৫ টা গানৰ ৪ টা গান মুকলি কৰা এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অভিনেত্ৰী মঞ্জুলা বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/9f24c616-f8e0-476c-8050-8622d4c6bd8d.jpg)
গানকেইটা মুকলি কৰে শান্তা উজীৰ আৰু মালৱিকা বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/4e1fc952-8141-49a5-bc76-ccd6c94914ce.jpg)
শশাংকৰ সমীৰে আঁত ধৰা অনুষ্ঠানটোত প্ৰযোজক তথা যতীনৰ পত্নী নৱনীতা শৰ্মাই কয়-ৰত্নাকৰ কেৱল এখন ছবি নহয়। ই আমাৰ সন্তান। যতীন আৰু মোৰ সকলো সপোন এই ছবিখনতেই লুকাই আছে। আশাকৰো ছবিখন সকলোৱে আদৰি ল'ব।' উক্ত অনুষ্ঠানতে যতীন-জুবিনে অতীত ৰোমন্থন কৰাৰ লগতে ছবিখনত গান কেইটাও পৰিৱেশন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/1ca8db5c-3118-406e-a55f-fc3c7021ca89.jpg)
উল্লেখ্য যে, অত্যাধুনিক কাৰিকৰী কৌশল ব্যৱহাৰ হোৱা এই ছবিখনৰ কাহিনী-চিত্ৰনাট্য অভিজিত ভট্টাচাৰ্যৰ। ইতিমধ্যে শ্বুটিং শেষ হোৱা ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে অসম আৰু মেঘালয়ৰ নৈসৰ্গিক পৰিৱেশত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/59213a4c-22fe-4903-aeae-6ccf9026c88f.jpg)
যতীন বৰা, নিশিতা গোস্বামী, বৰষাৰাণীৰ লগতে ছবিখনত অভিনয় কৰিছে সঞ্জীৱ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, চেতনা দাস, প্ৰতিভা চৌধুৰী, ৰীণা বৰা, হিৰণ্য দাসৰ লগতে কেইবাজনো জনপ্ৰিয় শিল্পীয়ে। চলিত জুন মাহৰ শেষত ছবি খন ছবিঘৰলৈ আহিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/58ca4e3e-82f4-441f-b22d-6bdaed09cc87.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us