/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/328fb04e-fb1d-4938-a520-bdec6a377d88.jpg)
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিল। শুকুৰবাৰে ছবিগৃহলৈ আহিলে বহু প্ৰতীক্ষিত ছবি 'ৰত্নাকৰ'। দীৰ্ঘ বিৰতিৰ পিছতে অসমীয়া ছবিত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক। প্ৰায় এমাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাইছিল টীম ৰত্নাকৰে। শুকুৰবাৰৰ দৰ্শনীৰ বাবে প্ৰায় সংখ্যক ছবিগৃহতে টিকট শেষ হোৱা বুলি জানিব পৰা গৈছে।
জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত হৈছে ছবিখন। যতীন বৰাৰ লগতে ছবিখনত অভিনয় কৰিছে বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীৰ তথা আন বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। বৃহস্পতিবাৰে মহানগৰীৰ পি ভি আৰ চিনেমা হ'লত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব'। ইফালে ছবিখনক লৈ আশাবাদী বুলি উল্লেখ কৰিছে নিৰ্মাতা যতীন বৰাৰ লগতে জড়িত আন আন কলা-কুশলীসকলে।

কাঞ্চনজংঘাৰ সফলতাৰ পাছতে ৰত্নাকৰেও দৰ্শকৰ সহাৰি লাভ কৰিবলৈ সক্ষম হ'ব বুলি ইতিমধ্যে চলচিত্ৰপ্ৰেমীসকলে মত প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰিমিয়াৰ শ্ব'ত মাদাৰ বৃদ্ধাৱাসৰ আৱাসীসকলে আন আন দৰ্শকসকলৰ সৈতে ছবিখন প্ৰত্যক্ষ কৰে। ৰাজ্যৰ ৫৯টা ছবিগৃহত মুক্তি পাব যতীন বৰাৰ 'ৰত্নাকৰ'। ইফালে ৰাজ্যৰ বাহিৰৰ বহুতো ছবিগৃহত মুক্তি দিয়া হৈছে ছবিখন। যতীন বৰাৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ প্ৰযোজনা যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাৰ।