দৰঙত মহিলা পোষণ পঞ্চায়ত : সজাগতা সভা

দৰং জিলাৰ ৮৯ টা Sector ত সোমবাৰে "পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২" উপলক্ষে "পোষণ পঞ্চায়তৰ" বিধি অনুসৰি "মহিলা পঞ্চায়ত" অনুষ্ঠিত কৰা হয় ।

author-image
Asomiya Pratidin
New Update
দৰঙত মহিলা পোষণ পঞ্চায়ত : সজাগতা সভা

rashtriya poshan maah 2022

ডিজিটেল সংবাদ, মঙলদৈ: দৰং জিলাৰ ৮৯ টা চেক্টৰত সোমবাৰে "পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২" উপলক্ষে "পোষণ পঞ্চায়তৰ" বিধি অনুসৰি "মহিলা পঞ্চায়ত" অনুষ্ঠিত কৰা হয় । এই " মহিলা পঞ্চায়তত' ‌গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, কিশোৰী ছোৱালী, আত্মসহায়ক গোটৰ সদস্য, মাতৃ সহায়ক গোট, এ এন এম, আশাকৰ্মী, অংগনাৱাড়ী কৰ্মী, পঞ্চায়তৰ প্ৰতিনিধিসকল, গ্ৰাম প্ৰধান আদিৰ উপস্থিতিত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।

Advertisment

তাৰে ভিতৰত প্ৰধানকৈ নৱজাতক আৰু শিশুৰ খাদ্যাভাস(IYCF), গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ বাবে খাদ্য বৈচিত্ৰ্য, অপুষ্টি, ৰক্তহীনতা,বাল্য বিবাহ আৰু কিশোৰ বয়সৰ গৰ্ভাৱস্থা আৰু ইয়াৰ প্ৰভাৱ আৰু পানী, অনাময় আৰু পৰিষ্কাৰ- পৰিচ্ছন্নতা (WASH) ৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয় সজাগতা অনাৰ ওপৰত প্ৰয়াস কৰা হয় ।

লগতে পোষণ ৰেলী, পোষণ মেলা, বাটৰ নাট, পঞ্চ‌ অমৃত, অন্নপ্ৰাসন্ন ‌ইত্যাদি কাৰ্যসূচীৰে সজাগতাৰ সৃষ্টি কৰা হয় আৰু প্ৰত্যেকটো সভা মুখ্য সেৱিকাৰ নেতৃত্বত আয়োজন কৰা হয়। শিশু উন্নয়ন প্ৰকল্প বিষয়া, জিলা সমন্বয়ক, খণ্ড সমন্বয়ক, খণ্ড পৰিযোজনা সহায়ক আদি সকলোৱে মহিলা পঞ্চায়তত অংশগ্ৰহণ কৰে ।

"সৱল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত" এই শীৰ্ষক বাৰ্তা সমাজৰ মহিলা সকলক দিয়াৰ অৰ্থে দৰং জিলাৰ মহিলা আৰু শিশু‌ বিকাশ বিভাগৰ জিলা সমন্বয়ক পাৰভেজ মেহদি য়ে মোৱামাৰী আৰু বান্দিয়াত অনুষ্ঠিত মহিলা পঞ্চায়তত ভাষণ প্ৰদান কৰে ।

assam mangaldai