/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c390487c-9dc9-4b97-8152-3aa53dd6f424/bttt.jpg)
rashtriya poshan maah 2022
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ পাঘালী পঞ্চায়তত শুকুৰবাৰে দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত সভাপতিত্ব কৰে পাঘালী পঞ্চায়তৰ সচিব দিলীপ কুমাৰ নাথে। অনুষ্ঠানটোত গৰ্ভৱতী মহিলা, নৱজাতক শিশু সকলৰ পুষ্টিকৰ খাদ্য আদিৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়।
দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া ধৰিত্রী ৰংপি, দলংঘাট উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া সমীপ কুমাৰ ডেকা, জি.আৰ.এছ ৰচিদ উল্লাহ খান, কাউঞ্চিলৰ সন্তনাৰায়ন ডেকা, দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ চুপাৰ ভাইজাৰ, অঙ্গনাবাদী কৰ্মী, আশা কৰ্মী, কিশোৰী পঞ্চায়ত, মহিলা পঞ্চায়তৰ আই মাতৃ সকল অনুষ্ঠানটিত উপস্থিত থাকে।