/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8eb2f018-0762-4f80-8a80-6ec8d987513c/tttt.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: সমগ্ৰ ৰাজ্যখনৰ লগতে সোমবাৰে ঢকুৱাখনা মহাবিদ্যালয় আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ)গোট আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত পুৱা মহাবিদ্যালয় চৌহদৰ পৰা উলিওৱা হয় এক পদযাত্ৰা ।
পদযাত্ৰাকাৰী দলটো ঢকুৱাখনা ৰাজহুৱা খেলপথাৰ প্ৰাংগণত উপস্থিত হোৱাৰ পৰৱৰ্তী সময়ত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ দ্বাৰা আযোজিত বিশাল সমদলত চামিল হৈ ঢকুৱাখনা নগৰৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে । ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত, মহকুমাধিপতি অৰিন্দম বৰুৱা, ঢকুৱাখনা মহাবিদ্যালয়ৰ "ৰাষ্ট্ৰীয় সেৱা আঁচনি"ৰ আঁচনি বিষয়া টবেন্দ্ৰ নাথ দাস, জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক দ্বীগেন্দ্ৰ নাথ হাজৰিকা, সভাপতি পূৰ্নানন্দ গগৈ, ঢকুৱাখনা আৰক্ষীকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সমদলৰ সামৰণি মাৰি এই বিশেষ দিনটোৰ তাৎপৰ্য বিশ্লেষণ কৰি শপত বাক্য পাঠ কৰা হয়।
তাৰোপৰি "স্বচ্ছ ভাৰত অভিযান"ৰ লগত সংগতি ৰাখি ঢকুৱাখনা মহাবিদ্যালয়ৰ "ৰাষ্ট্ৰীয় সেৱা আঁচনি" গোটে মহাবিদ্যালয় চৌহদ ৰাজপথৰ দাঁতি, নগৰাঞ্চলৰ উপৰিও চাৰিকৰীয়া নদীৰ পাৰ আৰু বসতি প্ৰধান এলেকাৰ পৰিত্যক্ত পলিথিন আৰু প্লাষ্টিক জাত পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰি ঢকুৱাখনা পৌৰসভাক ডাম্পিং গ্ৰাউণ্ডলৈ নিয়াৰ বাবে চমজাই দিয়ে ।
সমান্তৰাল ভাৱে "ফিট ইণ্ডিয়া" অভিযানৰ জৰিয়তে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শিক্ষাৰ্থী সকলে ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰা নগৰ চাৰিআলি লৈ এক "সজাগতামূলক দৌৰ" দিয়াৰ লগতে এক সপ্তাহ জোৰা যোগ প্ৰশিক্ষনৰ শুভাৰম্ভ কৰে ।