/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4a85b313-0bee-4a31-bb4d-2dcccea30879/rasa.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী গাওঁসমূহত নিশা খোল-তালৰ মধুৰ ধ্বনিৰ মাজত "আহা-আহা সখীসৱ বৃন্দাৱনে যাওঁ..." গীতেৰে শৰতৰ পূৰ্ণিমাত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উদ্যাপন হয়। বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত কুৰুৱাবাহী সত্ৰত পূৱ হাতীচোং আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত সোমবাৰে নিশা অনুষ্ঠিত হয় কেলিগোপাল নাট। সন্ধ্যা নাটক প্ৰতিষ্ঠা কৰি গায়ন বায়নে পূৰ্বৰংগ আৰম্ভ কৰে।
নিশা ৯ বজাত বটদ্ৰৱাৰ শিল্পী দিব্যজ্যোতি বৰুৱা, বিশ্বজ্যোতি হাজৰিকা, নৱনীল বায়ন আৰু তৃতীষা ভৰালীৰ পৰিচালনাত মঞ্চস্থ হোৱা নাটকখনি অঞ্চলটোৰ শিশু, কিশোৰী, যুৱতী, বোৱাৰী সহ শতাধিক কলাকুশলীৰ অভিনয়েৰে অনুষ্ঠিত নাটক খনি উপভোগ কৰে সহস্ৰাধিক দৰ্শকে। শতবৰ্ষ গৰকা ৰাস খনিত অঞ্চলটোৰ শিশু, কিশোৰী, যুৱতী, বোৱাৰী সকলোৱে মিলি কৰা অভিনয়ৰে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলাত বুৰ যায় হাজাৰ হাজাৰ দৰ্শক।
একেদৰে বটদ্ৰৱা আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত শান্তিজান বজাৰত, জাজৰি, পাঘালী, জাজৰি শিমলুতলত, হাতীচোং কুজিদাহত, চকলাঘাটত, ৰাইদঙীয়া, ভোমোৰাগুৰি, বৰছিলা, নসত্ৰ, কৰচোং সত্ৰ ধৰি প্ৰায় ৫০ ৰো অধিক স্থানত শৰৎ উৎসৱটি উলহ মালহেৰে অনুষ্ঠিত হয়। ইফালে বটদ্ৰৱা সমষ্টিৰ নমাটি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হব শৰৎ উৎসৱ ৰাস। প্ৰথম দিনা শ্ৰীকৃষ্ণৰ ৰাসলীলা, দ্বিতীয় আৰু তৃতীয় দিনা ভাওনা পৰিবেশন কৰা হব।