মঙলবাৰৰ নিশা কৃষ্ণ বন্দনাৰে মুখৰিত বৃহত্তৰ বটদ্ৰৱা অঞ্চল...

নমাটি গাঁৱত অনুষ্ঠিত কেলি গোপাল নাটক।

author-image
Asomiya Pratidin
New Update
মঙলবাৰৰ নিশা কৃষ্ণ বন্দনাৰে মুখৰিত বৃহত্তৰ বটদ্ৰৱা অঞ্চল...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ উখল মাখল উজনি নামনি। সমগ্ৰ ৰাজ্যৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী গাওঁসমূহত নিশা খোল-তালৰ মধুৰ ধ্বনিৰ মাজত অনুষ্ঠিত হৈছে কেলি গোপাল নাটক।

Advertisment

বটদ্ৰৱাৰ সমীপৱৰ্তী নমাটি গাঁৱত মংগলবাৰৰ নিশা অনুষ্ঠিত হয় কেলি গোপাল নাটক। গাঁওখনৰ শিশু, কিশোৰী, যুৱতী, বোৱাৰী সকলো সমবেত হৈ পৰিবেশন কৰা ৰাসলীলাত মুগ্ধ হৈ পৰে সজস্ৰজন। নমাটি গাঁৱৰ যুৰীয়া নামঘৰত অনুষ্ঠিত হৈ থকা ৰাস উৎসৱত আজি অনুষ্ঠিত হব হৰমোহন ভাওনা আৰু কাইলৈ সন্ধ্যা অনুষ্ঠিত হব ৰাৱন বধ ভাওনা।

ইফালে যোৱা নিশা বটদ্ৰৱা আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ভটিয়নীত অনুষ্ঠিত ৰাস উৎসৱত ভাওনা, ৰাইডঙীয়া বৰিগাঁও, আইভেটীত যুৱতী, বোৱাৰীৰ ৰাস, কৰচোং সত্ৰত লৰা ৰাস অনুষ্ঠিত হয়।

assam batadrava